• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক: ৩দিনীয়া সম্পূৰ্ণ লকডাউনৰ অন্ত; আৰম্ভ হ’ব নতুন এছ অ’ পি

উত্তম শইকীয়া by উত্তম শইকীয়া
July 15, 2021 5:32 pm
IMG_20210715_163512

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সময়ত যোৱা এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ আজিৰ তাৰিখলৈকে বোকাখাত মহকুমাত ৪,২৯৯ জন লোক ক’ভিড সংক্ৰমণত আক্ৰান্ত হয় ৷

মহকুমাটোত মুঠ ৭০,৯৪৯ জন লোকৰ ক’ভিড পৰীক্ষাৰ পিছত সম্প্ৰতি মুঠ ৩৪০ জন সক্ৰিয় ক’ভিড ৰোগী আছে বুলি আজি বোকাখাতৰ মহকুমাধিপতিয়ে জনায় ৷

Apply Now

আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাৰ উপস্থিতিত এক ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা আৰু সংবাদ মেল অনুষ্ঠিত হয় ৷

মহকুমাধিপতি বিপুল দাসে বোকাখাত মহকুমাৰ ক’ভিড পৰিস্থিতিৰ ওপৰত এক সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷

মহকুমাধিপতিৰ মতে বোকাখাত মহকুমাৰ শেহতীয়া পৰিস্থিতি কিছু উন্নত হৈছে যদিও সংক্ৰমণৰ হাৰ ৩ শতাংশ হৈছেগৈ ৷ জুলাই মাহৰ প্ৰথম সপ্তাহৰ আৰম্ভণিৰ পৰা আজিৰ তাৰিখলৈকে মহকুমাটোত সংক্ৰমণৰ হাৰ ৫.৮৬ ৰ পৰা ৩.৮৭ শতাংশলৈ হ্ৰাস পাইছে আৰু এই হাৰ যদি একে থাকে তেনেহ’লে এসপ্তাহৰ পিছত মহকুমাটোত ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰিত হোৱাৰ সম্ভাৱনা আছে।

ক’ভিডত বোকাখাত মহকুমাত ২৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ ৯২.০৯ শতাংশ বুলিও জনায় মহকুমাধিপতি গৰাকীয়ে  ৷

এনে পটভুমিত বৃহস্পতিবাৰে গোলাঘাট জিলাত তিনিদিনীয়া সম্পুৰ্ণ লকডাউনৰ সময় উকলি যোৱাৰ পিছত অহা ১৬ জুলাই পৰা গোলাঘাটত পূৰ্বৰ দৰে অকল গেলামাল আৰু ঔষধৰ দোকান দিনৰ ভাগত খোলাৰ সম্ভাৱনা আছে বুলি জিলা উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই জনায় ৷

অসম চৰকাৰৰ নতুন এছ অ’পিৰ আধাৰতহে ১৬ তাৰিখৰ পৰা গোলাঘাট জিলাতো নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হ’ব বুলি তেওঁ জনায় ৷

সংক্ৰমণৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজনত বোকাখাতত আৰু অধিক মাইক্ৰ’ কন্টেইনমেন্ট জ’ন কৰিবৰ বাবে তেওঁ আজিৰ বৈঠকতে মহকুমা প্ৰশাসনক নিৰ্দেশো দিয়ে ৷

চাহ বাগিছাৰ প্ৰব্ৰজিত শ্ৰমিকৰ যাতায়ত কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ লগতে মদৰ প্ৰচলনো অতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবৰ বাবেও উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে৷

উল্লেখ্য যে বোকাখাত বিধানসভা সমষ্টিত ১৮ বছৰৰ উৰ্ধৰ লোকৰ সংখ্যা ১,৪৪,০০০ জন ৷ ইয়াৰে মুঠ ৪৯,৪৪৬ জন লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ সমষ্টিটোত মুঠ ৩৪.৩৩ শতাংশ লোকক প্ৰতিষেধক প্ৰদান কৰিছে বুলি আজিৰ সংবাদমেলতে মহকুমা স্বাস্থ্য বিভাগে অৱগত কৰে ৷

আজিৰ সংবাদ মেলত উপায়ুক্ত আৰু মহকুমাধিপতিৰ উপৰিও অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা,মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকন ,আবকাৰী উপ অধীক্ষক দেৱজ্যোতি দেউৰী, খণ্ড উন্নয়ন বিষয়া দিলীপ সৰকাৰ আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকীও উপস্থিত থাকে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd