NORTHEAST NOW (Assamese)

কামৰূপ মেট্ৰ’ত দোকান-পোহাৰ খোলা, সান্ধ্য আইনৰ সময় বৃদ্ধিৰ সিদ্ধান্ত! কাইলৈ হ’ব পাৰে ঘোষণা

June 22, 2021 2:59 pm · এন ই নাও নিউজ
গুৱাহাটী মহানগৰী। ফাইল ফটো।

শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি কামৰূপ মহানগৰ জিলাত কোভিড পৰিস্থিতিৰ ক্ৰমন্বয়ে উন্নতি ঘটিছে।

এনে পৰিস্থিতিত মহানগৰীত প্ৰায় স্বাভাৱিক জীৱন-যাত্ৰা আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা গৈছে।

সূত্ৰসমূহৰ মতে, বৃহস্পতিবাৰৰ পৰা মহানগৰীত সন্ধিয়া ৫বজা পৰ্যন্ত দোকান-পোহাৰ খোলা ৰখাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে এই সন্দৰ্ভত  চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সূত্ৰসমূহে জানিবলৈ দিয়ে।

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লক্ষীমপুৰৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ পাছত এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৫৮ গৰাকী লোক।

উল্লেখ্য যে ৰাজ্যৰ ৯ খন জিলা ক্ৰমে কাচাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ ,নগাঁও, মৰিগাঁও, যোৰহাট, গোলাঘাট আৰু বিশ্বনাথত কোভিড পৰিস্থিতিৰ আশানুৰূপ উন্নতি নোহোৱাত এই জিলা কেইখন ৰেড ডিষ্ট্ৰিক হিচাবে চিহ্নিত কৰা হৈছে আৰু জিলা কেইখনত প্ৰয়োজন সাপেক্ষে ১০ দিনৰ সম্পূৰ্ণ লকডাউনো ঘোষণা কৰাৰ সম্ভাৱনা আছে।

বুধবাৰে চৰকাৰে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ কথা জানিব পৰা গৈছে।

Related News