NORTHEAST NOW (Assamese)

ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি মন্ত্ৰী পীযূষ হাজৰিকাৰ ঘৰৰ সমুখতে অনুষ্ঠিত হ’ল পৰম্পৰাগত ম’হ যুঁজ

January 15, 2025 9:13 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: January 15, 2025 9:14 pm

প্ৰতি বছৰৰ দৰে এইবাৰো নগাঁও জিলাৰ আঁহতগুৰিত অনুষ্ঠিত হ’ল পৰম্পৰাগত ম’হযুঁজ প্ৰতিযোগিতা।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি অনুষ্ঠিত কৰা হৈছে এই পৰম্পৰাগত ম’হ যুঁজ। এই ম’হ যুঁজ খন অনুষ্ঠিত হয় মন্ত্ৰী পীযূষ হাজৰিকাৰ ঘৰৰ একেবাৰে সমুখত।

ঠিক একেদৰে আজি ৰংঘৰৰ বাকৰিটো ম’হ যুঁজ অনুষ্ঠিত হয়।

উল্লেখ্য যে ২০২৪ চনতে ৰাজ্যত ম’হ আৰু বুলবুলি যুঁজ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ ভংগ হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত তিনি সপ্তাহৰ ভিতৰত স্পষ্টীকৰণ দাবী জনাই অসম চৰকাৰক এক নিৰ্দেশ জাৰি কৰিছিল।

ন্যায়াধীশ মনীষ চৌধুৰীৰ নেতৃত্বত গঠিত বিশেষ বিচাৰপীঠে এই বিষয়ত ৰাজ্যিক কৰ্তৃপক্ষৰ মৌনতাক বিশেষভাৱে তুলি ধৰাৰ লগতে এনে কাৰ্যকলাপৰ বিৰুদ্ধে আদালতৰ স্থিতিৰ কথা উল্লেখ কৰে।

২০২৪ চনৰ যোৱা ৪ মাৰ্চত জাৰি কৰা এক নিৰ্দেশত ন্যায়াধীশ চৌধুৰীয়ে অকৰ্তৃত্বশীল ম’হ যুঁজ বন্ধ হোৱাটো নিশ্চিত কৰিবলৈ আদালতৰ নিৰ্দেশনা আৰু মানক পৰিচালনা পদ্ধতি (এছ অ’ পি) কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিছিল।

কিন্তু তাৰপিছতো প্ৰশাসনৰ চকুৰ আগতেই মুকলিকৈ ম’হ যুঁজ অনুষ্ঠিত হোৱা ঘটনাই এতিয়া চৰকাৰে আইন অমান্য কৰাকেই প্ৰতিফলিত কৰিছে।

Related News