DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Trailer of the Assamese Movie: মুকলি হ’ল ‘বুলু ফিল্ম’ৰ ট্ৰেইলৰ; ৰাজ্যৰ চলচ্চিত্ৰগৃহ সমূহত মুক্তি পাব ৯ ছেপ্টেম্বৰত (চাওক ভিডিঅ’)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2022 12:08 pm
177
VIEWS
Share on FacebookShare on Twitter

The trailer of the Assamese Movie ‘Bulu Film’ এখন গাঁও। নামনি অসমৰ এখন সাধাৰণ গাঁৱকো বাৰুকৈয়ে সমস্যাত পেলাইছিল লক ডাউনে। লক ডাউনৰ সময়খিনিত মূলত নিম্ন মধ্যবিত্ত লোকৰ বসতিপ্ৰধান সেই গাঁওখনৰ লোকসকলে ভীষণ অভাৱৰ সমুখিন হৈছিল। সেইখন গাঁৱৰে তিনিজন যুৱকেও হেৰুৱাইছিল সংস্থাপন।

সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰি বিচাৰি অৱশেষত গাঁৱতে ‘ব্লু-ফিল্ম’ নিৰ্মাণৰ পৰিকল্পনা কৰে।

সেই ‘ব্লু-ফিল্ম’ ইন্টাৰনেটত আপলোড কৰি অসংখ্য ধন ঘটাৰ সপোনা দেখা তিনিওজন যুৱকে অৱশেষত মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ। মূলতঃ এই কাহিনীৰে নিৰ্মাণ কৰা হৈছে ‘বুলু ফিল্ম’ নামৰ চিনেমাখন।

লগতে পঢ়ক: Nirmala Mishra Passes Away: প্ৰসিদ্ধ বাংলা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ পৰলোক; কেইবাখনো অসমীয়া ছবিতো নিগৰাইছিল কণ্ঠ

হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত চতুৰ্থ চিনেমা ‘বুলু ফিল্ম’। ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’,’গৰু’,’হিৰো’ নামৰ তিনিখন চিনেমা নিৰ্মাণ কৰাৰ পাছত এইবাৰ কিছু অন্য ধৰণৰ অথচ মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক উজাগৰ কৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰিছে ‘বুলু ফিল্ম’।

এইখন চিনেমাই শেহতীয়াকৈ ‘প্ৰাগ চিনে এৱাৰ্ডত’ কেইবাটিও শিতানত বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰ ৰূপায়ন কৰা প্ৰনামী বৰাই, শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰিছিল অপুৰ্ব বৰ্মনে, শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল হিমাংশু প্ৰসাদ দাস, মহৰ্ষি তুহিন কাশ্যপ আৰু চাংকু নিৰঞ্জন নাথে, শ্ৰেষ্ঠ আৱহ সংগীত বঁটা লাভ কৰিছিল পল্লৱ তালুকদাৰে আৰু শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰিছিল সাগৰ সৌৰভে।

লগতে পঢ়ক: ফেচবুক একাউন্টৰ ওপৰত অসম আৰক্ষীৰ শেনচকু; ফেচবুক পোষ্টৰ বাবেই কাৰাগাৰলৈ ৭০ বছৰীয়া বৃদ্ধ

হিমাংশু প্ৰসাদ দাসৰ কাহিনীৰে নিৰ্মিত চিনেমাখনত পৰিচালক  হিমাংশু প্ৰসাদ দাসে এটা মুখ্য চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে অভিনয় কৰিছে প্ৰনামী বৰা, অপুৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ,অনামিকা শৰনীয়া, গৌৰৱজ্যোতি দাস,শিখা ঠাকুৰীয়া আদিয়ে।

হাস্য-ব্যংগ শৈলীৰে আৰম্ভ হোৱা চিনেমাখনে পৰিসমাপ্তিত এক অভাৱনীয় পৰিনাতিত শেষ হয়। ইতিমধ্যেই সমালোচকৰ আদৰ লাভ কৰা চিনেমাখন অহা ৯ ছেপ্টেম্বৰ সমগ্ৰ অসমৰ চিনেমাহলত মুক্তি লাভ কৰিব।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd