• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ: ৮ জুনৰ পৰা ফাষ্টট্ৰেক আদালতত আৰম্ভ হ’ব বিচাৰ প্ৰক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2026 12:50 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰটো এক নতুন পৰ্যায় পাইছেহি। অহা ৮ জুনৰ পৰা এই সমগ্ৰ ঘটনাৰ শুনানি প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ পৰিচালনাত চলিবলগীয়া বিশেষ ফাষ্টট্ৰেক আদালতখনে প্ৰথম পৰ্যায়ত গোচৰটোৰ এজাহাৰকাৰী আৰু গুৰুত্বপূৰ্ণ সাক্ষীসকলৰ ভাষ্য লিপিৱদ্ধ কৰিব।

প্ৰথম দিনাৰ শুনানিত অংশ ল’বলৈ আদালতৰ তৰফৰ পৰা ইতিমধ্যে চাৰিজন মূল ব্যক্তিলৈ জাননী প্ৰেৰণ কৰা হৈছে।

Apply Now

প্ৰথম দিনা আদালতত হাজিৰ হ’বলগীয়া সাক্ষীসকল হৈছে – হেমন্ত কুমাৰ দাস(মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক) ৰাতুল বৰা (মৰিগাঁৱৰ বাসিন্দা তথা এই সমগ্ৰ ঘটনাৰ প্ৰথমগৰাকী এজাহাৰকাৰী), প্ৰণৱ শইকীয়া (মৰিগাঁও থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া), ভাস্কৰ বৰ্মন (গোচৰটোৰ অন্যতম গুৰুত্বপূৰ্ণ সাক্ষী)।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুক সহজভাৱে ল’ব নোৱাৰি মৰিগাঁৱৰ ৰাতুল বৰাই পোনপ্ৰথমে আৰক্ষীৰ ওচৰত হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰি এজাহাৰ দাখিল কৰিছিল। তেওঁ অভিযোগ উত্থাপন কৰিছিল যে, শিল্পীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰৰ চিকিৎসকে যিবোৰ সতৰ্কতা (যেনে জুই আৰু পানীৰ পৰা নিলগাই ৰখা) অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছিল, অভিযুক্তসকলে তাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিছিল।

এই গুৰুতৰ অভিযোগৰ ভিত্তিতেই ৰাজ্যিক তদন্তকাৰী সংস্থা চিআইডি (CID)-এ সমগ্ৰ বিষয়টোৰ খৰচি মাৰি অনুসন্ধান চলাইছিল। কেৱল এয়াই নহয়, এই ঘটনাক লৈ সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিভিন্ন প্ৰান্তৰ থানাত প্ৰায় ৮৫ খনতকৈও অধিক এজাহাৰ ৰুজু কৰা হৈছিল।

চৰকাৰী পক্ষৰ লোক অধিবক্তা জীয়াউল কামাৰৰ ভাষ্য অনুসৰি, এই গোচৰত নাম সাঙোৰ খোৱা ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)–ৰ ৩৬, ৩৭ আৰু ৩৮ ধাৰাৰ অধীনত বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িব।

আদালতে অহা ২০ জুনৰ ভিতৰত এজাহাৰকাৰীসকলৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ উপৰি, এই সমগ্ৰ ৰহস্যঘন গোচৰটোৰ সত্যতা উদঘাটন কৰিবলৈ পৰ্যায়ক্ৰমে মুঠ ১৬১ জন সাক্ষীক আদালতলৈ তলব কৰা হ’ব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd