NORTHEAST NOW (Assamese)

ডিমা হাচাও নিৰ্বাচনৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

December 30, 2023 9:12 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 30, 2023 7:13 pm

গৰম হৈ উঠিছে ডিমা-হাচাও পৰ্বত্য জিলাৰ নিৰ্বাচনী বতাহ। বিজেপিৰ হাই-প্ৰফাইল নেতাই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ পিছতেই আজি অসম তৃণমূল কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি বিজেপিক দিছে যোগ্য প্ৰত্যুত্তৰ। 

আজি হাফলঙৰ  চিএইচ খাওথলাং প্ৰেক্ষাগৃহত অনুষ্ঠিত নিৰ্বাটনী ইস্তাহাৰ উন্মোচন অনুষ্ঠানত অংশ লৈ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে। 

ইস্তাহাৰ উন্মোচন কৰি অসম তৃণমূলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই কয় যে-  দীৰ্ঘদিন ধৰি ডিমা-হাচাও পাৰ্বত্য জিলাৰ সঠিক উন্নয়ন হোৱা নাই.। কেন্দ্ৰ, ৰাজ্য আৰু পৰিষদত বিজেপিৰ চৰকাৰ আছে। ত্ৰিপল ইঞ্জনৰ চৰকাৰ হোৱাৰ পিছতো ডিমা-হাচাওবাসীয়ে এটোপাল খোৱা পানী, উন্নত চিকিৎসা সেৱা, উন্নত শিক্ষাব্যৱস্থা আৰু যাতায়তৰ পৰা বঞ্চিত হৈ আছে। আৰু ৰাইজৰ এই দুৰৱস্থা দেখিয়ে এইবাৰ তৃণমূল কংগ্ৰেছ ডিমা-হাচাওবাসীৰ কাষত আহিছে।

ইপিনে বিজেপিৰ হিন্দুত্ববাদক চোকা সমালোচনা কৰি ৰিপুন বৰাই কয় যে- হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্ববাদৰ কথা কয়, তেওঁৰ মতে অনা ব্ৰাহ্মণে বামুণ সম্প্ৰদায়ক সেৱা কৰক, এয়াই হৈছে হিন্দুত্ববাদ। হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্বৰ নামত ব্ৰাহ্মণবাদৰ পোষকতা কৰিছে। ডিমা-হাচাওত হিন্দু-খ্ৰীষ্টিয়ান, ডিমাচা-অনা ডিমাচা, জনজাতীয় অজনজাতীয়ৰ ভেদাভেদ বিয়পাই দিবলৈ যত্ন কৰিছে। এয়া ডিমা-হাচাওবাসীৰ বাবে দুখৰ বিষয়। এয়া পাৰ্বত্য জিলাখনৰ শান্তি-সম্প্ৰীতিৰ বাবে বিপদজনক। এই মনভাৱেৰে ডিমা-হাচাও কেতিয়াও আগবাঢ়িব নোৱাৰে।

ইফানে নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত অসম তৃণমূলৰ সভাপতিগৰাকীয়ে কয় যে- তৃণমূল কংগ্ৰেছ যি সাতোটা সংকল্প বা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, সেয়া আখৰে আখৰে পালন কৰা হব। ৰাইজে হাতৰ মুঠিতে প্ৰশাসনক ঢুকি পাব। ৰাইজৰ পৰা তৃণমূল কংগ্ৰেছৰ জনপ্ৰতিনিধি কেতিয়াও দূৰৈত নাথাকে। খোৱা পানী, উন্নত ৰাস্তা, চিকিৎসা সেৱা আৰু শিক্ষ্যাব্যৱস্থা প্ৰদান কৰা হব। এইবাৰ ৰাইজে বিবেচনা কৰিব লাগিব ভোট কাক দিব।

আনহাতে ইস্তাহাৰ সন্দৰ্ভত ডিমা-হাচাও তৃণমূল কংগ্ৰেছৰ সভাপতি তথা হাফলং সমষ্টিৰ প্ৰাৰ্থী আচিং জেমেয়ে কয় যে- ডিমা-হাচাও তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীয়ে বিভিন্ন সমষ্টি ঘুৰি, ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লৈ এই ইস্তাহাৰ প্ৰস্তুত কৰিছে। বিজেপিয়ে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱায়, এশটামান প্ৰতিশ্ৰুতি দিয়ে কিন্তু শাসনলৈ অহাৰ সময়ত এই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয়। সেয়ে তৃণমূল কংগ্ৰেছে মাত্ৰ সাতোটা প্ৰতিশ্ৰুতি দিছে যাক আখৰে আখৰে পালন কৰা হব। অসম তৃণমূলৰ ১১ জন প্ৰাৰ্থীয়ে জনপ্ৰতিনিধি হোৱাৰ পিছত এই প্ৰতিশ্ৰুতি পালন কৰিবলৈ বদ্ধপৰিকৰ।

Related News