• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইউজিসিৰ নতুন নিয়মক লৈ দেশজুৰি তীব্ৰ বিতৰ্ক আৰু প্ৰতিবাদ: উচ্চতম ন্যায়ালয়ত দাখিল কেইবাখনো আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 8:21 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগ বা ইউজিসিৰ এক নতুন নিৰ্দেশনাক লৈ বৰ্তমান সমগ্ৰ দেশতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত জাতিগত বৈষম্য ৰোধ কৰাৰ উদ্দেশ্যে ইউজচিয়ে শেহতীয়াকৈ যি নতুন নিয়মাৱলী ঘোষণা কৰিছে, তাক লৈ দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। বিশেষকৈ সাধাৰণ বা উচ্চবৰ্ণৰ বিভিন্ন গোটে এই নিয়মক একপক্ষীয় বুলি অভিহিত কৰি ইয়াক প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। এই বিতৰ্কই ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ আৰু এই নিয়মৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। দেশৰ বিভিন্ন ঠাইত প্ৰতিবাদ আৰু বিক্ষোভৰ লগতে এজন প্ৰশাসনিক বিষয়াৰ পদত্যাগে এই সমগ্ৰ বিষয়টোক এক ৰাষ্ট্ৰীয় ৰাজনৈতিক আৰু সামাজিক বিতৰ্কৰ কেন্দ্ৰবিন্দু কৰি তুলিছে।

ইউজচিয়ে ২০২৬ চনৰ ১৩ জানুৱাৰীত এক জাননীৰ জৰিয়তে উচ্চ শিক্ষা প্ৰতিষ্ঠানত সমতা বৃদ্ধিৰ বাবে নতুন ইক্যুইটি ৰেগুলেচন ২০২৬ জাৰি কৰিছিল। ইয়াৰ জৰিয়তে ২০১২ চনৰ জাতিভিত্তিক বৈষম্য বিৰোধী পুৰণি নিয়মসমূহ সংশোধন কৰা হৈছে। এই নতুন নিয়মত জাতিভিত্তিক বৈষম্যৰ যি সংজ্ঞা দিয়া হৈছে, তাতেই মূল বিতৰ্কৰ সূত্ৰপাত ঘটিছে। নতুন নিৰ্দেশনা অনুসৰি জাতিগত বৈষম্য বুলিলে কেৱল অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সদস্যসকলৰ বিৰুদ্ধে হোৱা বৈষম্যকহে বুজোৱা হৈছে। ইয়াৰ ফলত সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী বা শিক্ষকসকল এই সুৰক্ষা কবচৰ পৰা বাহিৰত থাকি গৈছে। এই নিয়ম অনুসৰি প্ৰতিখন কলেজ আৰু বিশ্ববিদ্যালয়ে বৈষম্য ৰোধৰ বাবে হেল্পলাইন আৰু নিৰীক্ষণ ব্যৱস্থা গঢ়ি তুলিব লাগিব আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্ব প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ ওপৰত ন্যস্ত কৰা হৈছে। নিৰ্দেশনা অমান্য কৰিলে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিল বা অনুদান বন্ধ কৰাৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাও কোৱা হৈছে।

Apply Now

এই নতুন নিয়মসমূহ আচলতে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পাছতহে প্ৰস্তুত কৰা হৈছে। হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক ৰোহিত ভেমুলা আৰু মুম্বাইৰ চিকিৎসক পায়েল তাদভিৰ মৃত্যুৰ পাছত তেওঁলোকৰ পৰিয়ালে ২০১২ চনৰ নিয়মসমূহ সঠিকভাৱে কাৰ্যকৰী নোহোৱাৰ অভিযোগ তুলি আদালতত জনস্বার্থ জড়িত গোচৰ তৰিছিল। সেই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ইউজচিক এক শক্তিশালী নতুন নীতি তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ মৰ্মেই ২০২৬ চনৰ এই নতুন নিয়ম জাৰি কৰা হয় যদিও এতিয়া ইয়াৰ সংজ্ঞাক লৈয়েই দেশজুৰি তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে।

সমালোচকসকলৰ মতে ইউজচিয়ে জাতিগত বৈষম্যৰ যি সংজ্ঞা দিছে, সি বৈষম্যমূলক কাৰণ ই কেৱল এটা নিৰ্দিষ্ট পক্ষকহে সুৰক্ষা প্ৰদান কৰিছে। তেওঁলোকৰ মতে বৈষম্য যিকোনো ব্যক্তিৰ লগতেই হ’ব পাৰে, কিন্তু নতুন নিয়মত সাধাৰণ শ্ৰেণীৰ লোকসকলক বঞ্চিত কৰা হৈছে। ইয়াৰ উপৰি মিছা অভিযোগৰ বিৰুদ্ধে কোনো সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে কেম্পাছত এক ভয় আৰু অবিশ্বাসৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও বহুতে মত প্ৰকাশ কৰিছে। ৰাজনৈতিক মহলতো ইয়াৰ প্ৰতিক্ৰিয়া দেখা গৈছে। ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে সমতাৰ সংজ্ঞা কি বুলি প্ৰশ্ন তুলিছে। উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক দেৱেন্দ্ৰ প্ৰতাপ সিঙেও ইউজচিক পত্ৰ লিখি কৈছে যে দলিত আৰু পিছপৰা শ্ৰেণীৰ সুৰক্ষা প্ৰয়োজন যদিও তাৰ বাবে আনৰ সুৰক্ষা কাঢ়ি লোৱাটো উচিত নহয়।

বৰ্তমান এই বিষয়টোৱে আদালতৰ মজিয়াত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অধিবক্তা বিনীত জিন্দাল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষক মৃত্যুঞ্জয় তিৱাৰীয়ে সুপ্রিম কোৰ্টত দাখিল কৰা আবেদনত এই নিয়মক অসাংবিধানিক বুলি আখ্যা দিছে। তেওঁলোকে দাবী কৰিছে যে জাতিগত বৈষম্যৰ সংজ্ঞা জাতি-নিৰপেক্ষ হ’ব লাগে যাতে সকলোৱে সমান ন্যায় পায়। ইফালে লক্ষ্ণৌ, জয়পুৰ আৰু দিল্লীৰ দৰে চহৰত ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সংগঠনে এই নিয়মৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। উত্তৰ প্ৰদেশৰ বেৰেলীৰ চিটি মেজিষ্ট্ৰেট অলংক অগ্নিহোত্ৰীয়ে এই নিয়মক ক’লা আইন বুলি অভিহিত কৰি নিজৰ পদৰ পৰা পদত্যাগ কৰা ঘটনাই বিতৰ্কত ঘিউ ঢালিছে।

পৰিস্থিতি অধিক জটিল হোৱা দেখি কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত হস্তক্ষেপ কৰাৰ ইংগিত দিছে। চৰকাৰী সূত্ৰই জানিবলৈ দিছে যে এই নতুন নিয়মক লৈ একাংশই ভ্ৰান্ত ধাৰণা বিয়পাইছে আৰু চৰকাৰে ইয়াৰ প্ৰকৃত তথ্য দাঙি ধৰিব। চৰকাৰে আশ্বাস দিছে যে এই নিয়মৰ যাতে কোনো অপব্যৱহাৰ নহয়, সেয়া নিশ্চিত কৰা হ’ব। বিজেপি সাংসদ নিশিকান্ত ডুবেই কৈছে যে মোদী চৰকাৰে যিদৰে সাধাৰণ শ্ৰেণীৰ বাবে দহ শতাংশ সংৰক্ষণ দিছিল, তেনেদৰেই সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিব। সমগ্ৰ দেশ এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ বাবে অপেক্ষা কৰি আছে যে এই নিয়মে কেম্পাছত সঁচাকৈয়ে ন্যায় আনিব নে জাতিগত বিভাজন অধিক বৃদ্ধি কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd