• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মনুস্মৃতিৰ পৰা প্ৰেৰণা লৈ শ্ৰমিকৰ বাবে নিয়ম প্ৰণয়ন কৰিছে কেন্দ্ৰীয় চৰকাৰে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2025 6:58 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে শ্ৰম নীতিৰ খচৰা প্ৰস্তুত কৰিবলৈ মনুস্মৃতিৰ পৰা প্ৰেৰণা লাভ কৰিছে। উল্লেখ্য যে এই প্ৰাচীন হিন্দু গ্ৰন্থখনৰ আধাৰতে জাতি ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল। বিশেষজ্ঞসকলে কয় যে এই চিন্তাধাৰা শ্ৰমিকৰ অধিকাৰৰ বিপৰীত।

দ্য টেলিগ্ৰাফৰ মতে, শ্ৰম মন্ত্ৰালয়ে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় শ্ৰম আৰু নিয়োগ নীতিৰ খচৰাত কোৱা হৈছে যে সামাজিক পৰম্পৰাই শ্ৰমক পবিত্ৰ আৰু নৈতিক কৰ্তব্য বুলি গণ্য কৰে যিয়ে সামাজিক সম্প্ৰীতি, অৰ্থনৈতিক সমৃদ্ধি আৰু সামূহিক মংগল বজাই ৰাখে।

Apply Now

নীতিৰ খচৰাত কোৱা হৈছে, “ভাৰতীয় দৃষ্টিকোণত কাম কেৱল জীৱিকাৰ মাধ্যম নহয়, বৰঞ্চ ধৰ্মৰ বহল ব্যৱস্থা (সঠিক কৰ্তব্য)ত অৰিহণা যোগায়।” এই পদ্ধতিয়ে প্ৰতিজন শ্ৰমিক, শিল্পী, কৃষক, শিক্ষক, উদ্যোগিক শ্ৰমিক হওক সকলোকে সামাজিক সৃষ্টিৰ প্ৰক্ৰিয়াৰ এক অপৰিহাৰ্য অংশ হিচাপে গণ্য কৰিব।

নীতিত আৰু কোৱা হৈছে, “মনুস্মৃতি, যাজ্ঞবল্ক্য স্মৃতি, নাৰদ স্মৃতি, শুক্ৰনীতি, অৰ্থশাস্ত্ৰ আদি প্ৰাচীন গ্ৰন্থসমূহে এই চিন্তাধাৰাক ‘ৰাজধৰ্ম’ ধাৰণাটোৰ জৰিয়তে প্ৰকাশ কৰিছে, য’ত ন্যায় নিশ্চিত কৰা, উচিত মজুৰি প্ৰদান কৰা, শ্ৰমিকসকলক শোষণৰ পৰা ৰক্ষা কৰা ৰজা বা শাসকৰ কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা হৈছে।”

নীতিত কোৱা হৈছে, “শ্ৰম শক্তি নীতি ২০২৫ এইসমূহৰ পৰা প্ৰেৰণা লাভ কৰে যদিও আধুনিক ৰাষ্ট্ৰৰ সাংবিধানিক আৰু আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰৰ স্থান দিয়ে।”

খচৰা প্ৰত্যাহাৰৰ দাবী

ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছে ট্ৰেড ইউনিয়নৰ পৰামৰ্শ নোলোৱাকৈ এই খচৰা নীতি প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপন কৰে। সংগঠনটোৱে শ্ৰম মন্ত্ৰালয়ক আহ্বান জনাইছে যে খচৰাখন তৎকালীনভাৱে প্ৰত্যাহাৰ কৰি জনমতৰ বাবে চূড়ান্ত কৰাৰ পূৰ্বে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ সৈতে আলোচনা আৰম্ভ কৰক। সংস্থাটোৰ মতে, এই নীতিয়ে চাকৰিৰ সুৰক্ষা, নিয়োগ সৃষ্টি, আৰু নূন্যতম মজুৰি আইনৰ অধীনত নিৰ্ধাৰণ কৰা বাধ্যতামূলক নূন্যতম মজুৰি আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক আওকাণ কৰে।

জে এন ইউ (জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়)ৰ চেণ্টাৰ ফৰ ইনফৰ্মেল ছেক্টৰ এণ্ড লেবাৰ ষ্টাডিজৰ অধ্যাপক প্ৰদীপ ছিণ্ডেই দ্য টেলিগ্ৰাফক জনাই যে মজুৰি, শ্ৰমিকৰ অধিকাৰ, শোষণৰ পৰা সুৰক্ষা আদি ধাৰণাবোৰ হৈছে যোৱা দুশ বছৰত উদ্যোগীকৰণ আৰু পুঁজিবাদৰ উত্থানৰ পিছত বিকশিত হোৱা আধুনিক ধাৰণা।

তেওঁ কয়, “প্ৰাচীন কালত ‘জাজমণি ব্যৱস্থা‘ প্ৰচলিত আছিল, আৰু শ্ৰমিকৰ কোনো অধিকাৰ নাছিল। সেই সময়ত মজুৰি ব্যৱস্থা নাছিল। তেওঁলোকে কামৰ বাবে অতি নূন্যতম দৰমহা পাইছিল, বেছিভাগেই ধন নহয়, বস্তুগতভাৱেহে পাইছিল।মজুৰি নিৰ্ধাৰণৰ ক্ষেত্ৰত শ্ৰমিকৰ কোনো ভূমিকা নাছিল।”

ছিন্দেই কয়, “হিন্দু ধৰ্মীয় গ্ৰন্থত বৰ্ণিত ‘শ্ৰম’ (কৰ্ম বা পৰিশ্ৰম) ধাৰণাটোক মহিমামণ্ডিত কৰাটো আচলতে জাতিভিত্তিক শ্ৰম বিভাজনক শক্তিশালী কৰাৰ প্ৰয়াস, য’ত ব্ৰাহ্মণসকলে নিজৰ ধৰ্মীয় ৰীতি-নীতিৰ বাবে সৰ্বোচ্চ মৰ্যাদা লাভ কৰিছিল।”

তেওঁ আৰু কয় যে প্ৰাচীন ধ্ৰুপদী গ্ৰন্থসমূহত ৰজাক ক্ষমতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল যদিও তেওঁৰ মৰ্যাদা ব্ৰাহ্মণৰ মৰ্যাদাৰ তলত ৰখা হৈছিল।

তেওঁ লগতে কয় যে শ্ৰমক ধৰ্ম বা ৰাজধৰ্মৰ সৈতে সংযোগ কৰাটো এটা বিপথে পৰিচালিত ধাৰণা, কিয়নো ইয়াৰ দ্বাৰা শ্ৰমিকৰ অধিকাৰ, উচিত মজুৰি, আৰু নিৰাপত্তাৰ দৰে দিশক আওকাণ কৰা হয়।

মজুৰি আৰু শ্ৰমিকৰ দুৰ্দশা?

চৰকাৰে উদ্ভাৱন আৰু উদ্যোগীকৰণৰ জৰিয়তে সকলোকে সামাজিক সুৰক্ষা আৰু কৰ্মসংস্থাপন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও এই ক্ষেত্ৰত চৰকাৰৰ প্ৰদৰ্শন নিৰাশাজনক। মুঠ কৰ্মশক্তিৰ মাত্ৰ ১০ শতাংশহে আনুষ্ঠানিক খণ্ডত আছে, তেওঁলোকে সামাজিক সুৰক্ষাৰ সুবিধা যেনে প্ৰভিডেণ্ট ফাণ্ড (পিএফ), জীৱন বীমা, আৰু স্বাস্থ্য বীমা লাভ কৰে। ইফালে ৯০ শতাংশ শ্ৰমিকে নিজৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিব লগা হৈছে।

২০২৩-২৪ চনৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি ভাৰতত বিগত পাঁচ বছৰত নিয়মীয়াকৈ চাকৰি সৃষ্টিৰ হাৰ হ্ৰাস পাইছে।

ইয়াৰ বিপৰীতে ২০১৮-১৯ চনৰ পৰা ২০২২-২৩ চনৰ ভিতৰত আত্মনিয়োগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই সমীক্ষাটো ২০২৪ চনৰ জুলাই মাহত সংসদত দাখিল কৰা হৈছিল আৰু ইয়াত পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে চলোৱা সময়ে সময়ে শ্ৰম শক্তিৰ জৰীপৰ তথ্য উদ্ধৃত কৰা হৈছে।

২০২২-২৩ চনৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি শ্ৰমিকসকলে লাভ কৰা মজুৰিৰ প্ৰকৃত ক্ৰয় ক্ষমতা (প্ৰকৃত মজুৰি) হ্ৰাস পাইছে, অৰ্থাৎ তেওঁলোকৰ উপাৰ্জনৰ পৰা বস্তু ক্ৰয় কৰাৰ ক্ষমতা হ্ৰাস পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd