প্ৰেমিকৰ সৈতে নিশা কটাবলৈ হোটেললৈ গৈছিল যুৱতী : তাৰপিছত প্ৰেয়সী হোটেলৰ কোঠাত আৰু প্ৰেমিক ৰে’লপথত.. আচলতে হ’ল কি?

লক্ষ্ণৌৰ এখন হোটেলত উদ্ধাৰ হৈছে এগৰাকী ২২ বছৰীয়া যুৱতীৰ মৃতদেহ। জানিব পৰা মতে, পএজন যুৱকৰ সৈতে নৈশ যাপনৰ বাবে হোটেলখনলৈ গৈছিল যুৱতীগৰাকী। তাৰপিছত কিছুদিন পিছত হোটেলৰ কোঠাটোৰ পৰা দুৰ্গন্ধ ওলোৱাত হোটেল কৰ্তৃপক্ষই কঠাৰ দুৱাৰ খুলি দেখে যে মৃত অৱস্থাত বিচনাত পৰি আছে যুৱতীগৰাকী। কোঠাত নাই যুৱতীৰ সৈতে অহা যুৱকজন। লগে লগেই আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষী আহি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

লক্ষ্ণৌৰ দেৱা ৰোডৰ এটা অতিথিশালাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, ৩০ মে’ত সেই হোটেলখনলৈ এহাল যুৱক-যুৱতী গৈছিল। হোটেলখনৰ ১০৫ নম্বৰৰ কোঠাত আছিল তেওঁলোক। ইফালে ৪ জুনত যুৱকজনে কিবা কামৰ বাবে ওলাই যাম বুলি হোটেলৰ পৰা ওলাই যায়। তাৰ পিছত তেওঁ উভতি নাহিল।

৫ জুনৰ দিনা কোঠাটোৰ পৰা দুৰ্গন্ধ ওলোৱাত হোটেল কৰ্তৃপক্ষই দুৱাৰ খুলি দেখে যে কোঠাটোত যুৱতীগৰাকীৰ মৃতদেহ পৰি আছে। আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছত যুৱক জনৰ সন্ধানত নামি পৰে। তাৰপিছত আৰক্ষীয়ে সন্ধান কৰি যুৱকজনৰ মৃতদেহ বাৰাবংকিৰ ৰে’লপথত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে যুৱকজনে আত্মহত্যা কৰিছে।

দুয়োৰে মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনৰ বাবে অপেক্ষা কৰাৰ লগত সবিশেষ ঘটনাত তদন্তত নামি পৰিছে আৰক্ষী। তদন্তৰ পিছত হে গম পোৱা যাব ঘটনাৰ আঁৰৰ ৰহস্য।