পাকিস্তানৰ মন্ত্ৰীসকলে সম্প্ৰতি নিজকে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে। কেতিয়াবা বিদেশলৈ গৈ বৰষুণৰ মাজত ছাতি কাঢ়ি দৌৰিছে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। কেতিয়াবা আকৌ প্ৰাক্তন সেনা জেনেৰেলে বিদেশৰ মাটিত মূৰ তল কৰি গালি- গালাজ শুনিছে।
কিন্তু এইবাৰ যি হ’ল সেয়া আৰু অধিক হাস্যকৰ। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে নিজৰ অন্তৰ্বাস পিন্ধিয়েই নদীত জপিয়াই পৰে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তেতিয়াৰ পৰাই সাধাৰণ মানুহে পাকিস্তানৰ মন্ত্ৰীসভাক লৈ ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছে।
লগতে পঢ়ক: প্ৰেমে বয়স নামানে! দৰা ৭৯ বছৰীয়া, কইনাৰ বয়স ৩৬; তৃতীয় বিবাহৰ বাবে সাজু জনপ্ৰিয় পপ তাৰকা
ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে পথৰ কাষত ৰেলিঙত উঠিছে। তেওঁৰ চাৰিওফালে যথেষ্ট মানুহ আছে। সেই মানুহৰ ভিৰটোৱে আছিফক উৎসাহিত কৰা দেখা যায়। পাক মন্ত্ৰীজন লাহে লাহে সেই ৰেলিঙৰ ওপৰলৈ উঠি আহিল। পিন্ধনত কেৱল অন্তৰ্বাস। হঠাৎ ৰেলিঙৰ পৰা জাপ মাৰিলে মন্ত্ৰীগৰাকী।
এটা নদীত জপিয়াই পৰিল পাক মন্ত্ৰী। পানীত পৰি তেওঁ সাঁতুৰিবলৈ আৰম্ভ কৰিলে। তেওঁ অকলশৰীয়া নহয়, ভিডিঅ’টোত আন বহুকেইজনে নদীটোত সাঁতুৰি থকা দেখা গৈছে। এই ভিডিঅ’টো ওলোৱাৰ পিছত সমগ্ৰ বিশ্বতে মানুহে হাঁহি আমোদ লৈছে। সকলোৱে হয়তো ভাবিছে যে পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰীয়ে কেনেকৈ অন্তৰ্বাস পিন্ধি নদীত জাপ দিব পাৰে।
Defence Minister @KhawajaMAsif Celebrated Eid with public by swimming in a canal.
.
.
.#updatepakistan #Petrol #پی_ٹی_آئی_جھنڈا_لگاؤ_مہم #عید_مبارک_پاکستان_کی_جان #ShaheenAfridi #ODIWorldCup2023 #Islamophobia #امپورٹڈ_حکومت_نامنظور #Khawajaasif #PMLN_PROMOTION_TEAM pic.twitter.com/DRtG9DD3b2— Update Pakistan (@UpdatePakistan2) July 1, 2023
এই ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰিছে আপডেট পাকিস্তান নামৰ এটা টুইটাৰ হেণ্ডেলে। ইয়াত লিখা আছে, পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলোৰে সৈতে ঈদ উদযাপন কৰিবলৈ পুখুৰীটোত সাঁতুৰিছে। আচৰিত কথাটো হ’ল এই পোষ্টটোত ‘ইছলামোফ’বিয়া’ বুলি টেগ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত পাকিস্তান চৰকাৰে কোনো বিবৃতি দিয়া নাই।