বৃদ্ধি পাব গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড সংখ্যা; প্ৰস্তুত কৰা হৈছে খচৰা তালিকা

gmc

গুৱাহাটী পৌৰ নিগমে ইয়াৰ ৱাৰ্ডৰ সংখ্যা বৰ্তমানৰ ৩১টাৰ পৰা ৬০টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত পৌৰ নিগমে ৱাৰ্ডসমূহৰ এখন খচৰা তালিকাও প্ৰস্তুত কৰি উলিয়াইছে। এই খচৰা তালিকাত নাগৰিকসকলে আপত্তি দাখিল কৰিব পাৰিব।

অহা ১৯জানুৱাৰী আপত্তি দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

লগতে পঢ়ক: Covid Update ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কোভিডৰ দৈনিক সংক্ৰমণ,পজিটিভিটিৰ হাৰ; আজি কিমান আক্ৰান্ত?

অহা ফেব্ৰুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

২০১৮ চনত অন্তিম কাৰ্যবাহী সংস্থাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে জি এম চি যোৱা তিনি বছৰ ধৰি কাৰ্যবাহী সংস্থা অবিহনে চলি আছে।

শেষবাৰ ২০১৩চনত অনুষ্ঠিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। ২০১৮ চনৰ ৩১ জুলাইতে ইয়াৰ কাৰ্যকাল সমাপ্ত হৈছে।