• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পত্নীয়ে বিচৰা ৮ কোটি নিদিয়াই কাল হ’ল স্বামীৰ : প্ৰেমিকৰ লগত লগলাগি পত্নীয়ে হত্যা কৰিলে স্বামীক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 28, 2024 5:41 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বামীৰ পৰা পত্নীয়ে দাবী কৰিছিল ৮ কোটিকৈ টকা। পত্নীয়ে বিচৰা এই ধন দিয়া নাছিল স্বামীয়ে। যাৰ বাবে প্ৰেমিকৰ সৈতে মিলি নিজ স্বামীক হত্যা কৰিলে পত্নীয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, তিনি সপ্তাহ পূৰ্বে ৮ অক্টোবৰত কৰ্ণাটকৰ কোডাগু জিলাৰ সুনটিকপ্পাত এজন লোকৰ আধা জ্বলি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল। অৱশ্যে মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাছিল।

Apply Now

তদন্তৰ সময়ত আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। চিচি টিভিত এখন মাৰ্চিডিজ গাড়ী আৰক্ষীৰ চকুত পৰে।

জানিব পৰা মতে গাড়ীখন তেলেংগানাৰ ৰমেশ নামৰ ৫৪ বছৰীয়া এজন ব্যক্তিৰ। সেই সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে গম পালে যে ৰমেশৰ ২৯ বছৰীয়া পত্নী নীহাৰিকাই ৰমেশ নিৰুদ্দেশ হোৱা বুলি থানাত এজাহাৰ দাখিল কৰিছিল।

ইয়াৰ পিছত নীহাৰিকাৰ ওপৰত সন্দেহৰ সৃষ্টি হয় আৰু সোধাপোচা কৰে। জেৰাৰ অন্তত নীহাৰিকাই স্বীকাৰ কৰে যে তেওঁৰ প্ৰেমিক নিখিল আৰু তেওঁৰ বন্ধু অংকুৰৰ সহায়ত নিজৰ স্বামীক হত্যা কৰিছিল।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ১৬ বছৰ বয়সত নীহাৰিকাৰ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত নীহাৰিকাক কম বয়সতে বিয়া দিয়া হ’ল। নীহাৰিকাৰ এটা সন্তানো আছে। কিন্তু ইয়াৰ পিছত নীহাৰিকাৰ স্বামীৰ সৈতে বিচ্ছেদ হয় আৰু হাৰিয়ানালৈ গুচি যায়।

আৰ্থিক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈ দীৰ্ঘদিন কাৰাগাৰত আছিল নীহাৰিকা। তাতে অংকুৰ নামৰ এজন যুৱকক লগ পাইছিল নইিহাৰিকাই। অৱশ্যে জেলৰ পৰা ওলাই অহাৰ পিছত নীহাৰিকাই ব্যৱসায়ী ৰমেশক বিয়া কৰাইছিল।

ইয়াৰ পিছত আৰম্ভ হ’ল নীহাৰিকাৰ বিলাসী জীৱন। অৱশ্যে ৰমেশৰ লগত নীহাৰিকাৰ সম্পৰ্ক বৰ ভাল নাছিল। অংকুৰৰ মতে, নীহাৰিকাৰ নিখিল নামৰ এজন পশু চিকিৎসকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল।

নীহাৰিকাই ৰমেশৰ পৰা ৮ কোটি টকা দাবী কৰিছিল। কিন্তু স্বামীয়ে ধন দিবলৈ মান্তি নোহোৱাত নীহাৰিকাই প্ৰেমিকৰ লগত হত্যাৰ ষড়যন্ত্ৰ কৰিলে।

সোধা-পোছাৰ সময়ত অভিযুক্তই স্বীকাৰ কৰে যে যোৱা ১ অক্টোবৰত উপপালত নীহাৰিকাই ৰমেশক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁ নিখিল আৰু অংকুৰৰ সৈতে ৰমেশৰ ঘৰলৈ আহি টকা-পইচা আৰু অন্যান্য মূল্যবান সামগ্ৰী লৈ যায়। তাৰ পিছত গাড়ীৰে মৃতদেহটো কৰ্ণাটকৰ কোডাগুৰ কফি বাগিচালৈ লৈ যোৱা হয়। তাতে মৃতদেহটো কম্বলত মেৰিয়াই জ্বলাই দিয়ে। সকলো কাম শেষ কৰাৰ পিছত সকলোৱে হায়দৰাবাদলৈ আহে।

ইয়াৰ পিছত অভিযুক্তই স্বামীৰ নামত এটা নিৰুদ্দেশৰ গোচৰ দিছিল। আৰক্ষীয়ে জনোৱা মতে, চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ পিছত স্পষ্ট হৈ পৰে যে দোষৰ পৰা হাত সাৰিবলৈ নীহাৰিকাই নিৰুদ্দেশৰ গোচৰ দি ষড়যন্ত্ৰ ৰচনা কৰিছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

August 11, 2026 6:28 pm
ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

August 11, 2026 5:18 pm
পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

August 11, 2026 6:28 pm
ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

August 11, 2026 5:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd