চিনেমা নিৰ্মাণৰ ৫০বছৰ পূৰ্বেই টাইম আলোচনীৰ বেটুপাতত স্থান পাইছিল মহাত্মাই

ৰিচাৰ্ড এটেনব’ৰ’ৰ চিনেমা ‘গান্ধী’ মুক্তিৰ পূৰ্বে সমগ্ৰ বিশ্বই মহাত্মা গান্ধীক চিনি পোৱা নাছিল বুলি মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সন্দৰ্ভত কংগ্ৰেছে প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। প্ৰাক্তন বিত্ত আৰু গৃহমন্ত্ৰী পি চিদাম্বৰমে প্ৰধানমন্ত্ৰীক সুধিছে যে- আইনষ্টাইনে গান্ধীৰ বিষয়ে কেনেকৈ জানিলে যদি বাকী বিশ্বই এই বিষয়ে নাজানিছিল?

প্ৰধানমন্ত্ৰীৰ মূল কথা আছিল যে কংগ্ৰেছ আৰু তেওঁলোকৰ চৰকাৰে গান্ধীজীক সমগ্ৰ বিশ্বৰ আগত পৰিচয় কৰা নাছিল। উনৈছশ বিৰাশী চনত এটেনব’ৰ’ৰ গান্ধী ছবিৰ পাছতহে গান্ধী পৰিচিত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে কিমান ডাঙৰ ভুল কৰিলে সেয়া বহু লোকে আঙুলিয়াই দিছে। গান্ধীয়ে নিজৰ কৰ্মৰ জৰিয়তে কেনেদৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল তাৰ বহু উদাহৰণ বহুলোকে দিছে। বিশ্ববিখ্যাত টাইমৰ দৰে মৰ্যাদাসম্পন্ন আলোচনীয়ে যেতিয়া কোনো বিশেষ ব্যক্তিৰ ওপৰত প্ৰচ্ছদ প্ৰবন্ধ কৰে তেতিয়া তেওঁৰ বিষয়ে বিতং গৱেষণা কৰে আৰু ইয়াৰ এটা মাপকাঠী হ’ল সেই ব্যক্তিজনৰ কোনো বিশেষ ক্ষেত্ৰত অৱদান। দেখা গৈছে যে সেই জনপ্ৰিয় আমেৰিকান আলোচনীখনে ১৯৩১ চনৰ ৫ জানুৱাৰীৰ সংখ্যাত গান্ধীৰ ওপৰত এটা প্ৰচ্ছদ প্ৰবন্ধ কৰিছিল।শিৰোনাম আছিল, ‘চেইন্ট গান্ধী—১৯৩০ চনৰ বৰ্ষজোৰা চৰ্চিত ব্যক্তি’। টাইম আলোচনীয়ে আগতে কেতিয়াও এজন ভাৰতীয়ৰ বিষয়ে সন্ত বা Saint শব্দ ব্যৱহাৰ কৰা নাছিল। কোৱা বাহুল্য যে প্ৰচ্ছদ প্ৰবন্ধৰ বিষয় আছিল গান্ধীৰ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম আৰু একে সময়তে তেওঁৰ সহজ সৰল জীৱন।

উনৈছশ ত্ৰিশ চনৰ ১২ মাৰ্চত গান্ধীয়ে লোণ সত্যাগ্ৰহ আৰম্ভ কৰে। ২৪ দিনীয়া পদযাত্ৰাৰ অন্তত ভাৰতীয়ক নিমখ বনোৱাৰ অধিকাৰ দিবলৈ বাধ্য হৈছিল ব্ৰিটিছ চৰকাৰ। গোটেই দশকটোত গান্ধীৰ আন্দোলনে ব্ৰিটিছ চৰকাৰক এক অস্থিৰ কৰি তুলিছিল। তেতিয়া মহাত্মা গান্ধী ১৯৩০ চনৰ ৩১ মাৰ্চ আৰু ১৯৪৭ চনৰ ৩০ জুন সংখ্যাত টাইমৰ প্ৰচ্ছদ প্ৰবন্ধৰ বিষয়বস্তু আছিল।

সেই সময়ত সমগ্ৰ বিশ্বই জনা আন এখন আলোচনী আছিল ‘Life’। গান্ধী আছিল ইয়াৰ ১৯৪৬ চনৰ ২৫ মাৰ্চ সংখ্যাৰ প্ৰচ্ছদ প্ৰবন্ধ। টাইমৰ প্ৰতিদ্বন্দ্বী আলোচনী নিউজৱিকৰ কেইবাটাও সংখ্যাতো গান্ধীক প্ৰকাশ কৰা হৈছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত তেওঁৰ হত্যাৰ বাতৰি বিশ্বৰ সকলো আগশাৰীৰ বাতৰি কাকতত প্ৰকাশ পাইছিল৷এটেনব’ৰ’ৰ ছবিখন নিৰ্মাণৰ বহু আগতেই বিশ্বৰ বহু দেশে গান্ধীৰ সন্মানত ৰাস্তা-ঘাট আৰু উদ্যান উচৰ্গা কৰিছিল।