• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মল্ল যুজাৰু সকলক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যপালক সাক্ষাৎ সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ

ৰাষ্ট্ৰপতি লৈ ১০ সহস্ৰাধিক স্বাক্ষৰযুক্ত স্মাৰক পত্ৰ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2023 7:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ  ৰাজ্যিক সম্পাদিকা মৃণালী দেৱীৰ নেতৃত্বত এটি প্ৰতিনিধি দলে অসমৰ মাননীয় ৰাজ্যপাল গৰাকীক ৰাজভৱনত সাক্ষাৎ কৰে। \

প্ৰতিনিধি দলটোত ৰাজ্যিক সম্পাদিকাৰ উপৰি ভাৰতী দেৱী, ৰাহিল মুণ্ডা, যোগমায়া বাউৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলটোৱে ৰাজ্যপাল মহোদয়ৰ ওচৰত দেশৰ গৌৰৱ মল্ল যুজাৰু সকলক ন্যায় প্ৰদান কৰাৰ দাবী উত্থাপন কৰে আৰু  মল্ল যুজাৰু সকলৰ আন্দোলনৰ ওপৰত বিজেপি চৰকাৰে নমোৱা আৰক্ষী দমনৰ প্ৰতিবাদ জনায়।

Apply Now

আনহাতে অসমত নাৰী সমাজৰ ওপৰত ভয়াবহ ভাৱে বৃদ্ধি পোৱা ধৰ্ষণ, হত্যা, নিৰ্যাতন পৰিস্থিতি, যত নেকি জোনমণি ৰাভাৰ দৰে উঠি অহা এগৰাকী সাহসী আৰক্ষী বিষয়াই প্ৰাণ দিব লগা হৈছে। এই সম্পৰ্কতো প্ৰতিনিধি দলটোৱে গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু নাৰী সমাজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ৰাজ্যপাল মহোদয়ক পদক্ষেপ ল’বলৈ আহ্বান জনায়। 

আলোচনা কালত ৰাজ্যপাল মহোদয়ে মল্ল যুজাৰু সকলৰ ন্যায় প্ৰদানৰ বিষয়টোৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে আৰু স্মাৰক পত্ৰখন ৰাষ্ট্ৰপতি লৈ তাৎক্ষণিক ভাৱে প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 

প্ৰতিনিধি দলটোৱে মল্ল যুজাৰু সকলক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই ৰাজ্যজুৰি চলোৱা ১০ সহস্ৰাধিক স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ্যপাল মহোদয়ৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত কয় যে ভাৰতৰ মল্লযুজাৰু সংস্হাৰ ৰাষ্ট্ৰীয় সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে দেশৰ ১২ গৰাকী যুৱতী মল্লযোদ্ধাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি যোৱা ২৩ এপ্ৰিলৰ পৰা দেশৰ ৰাজধানী দিল্লীত প্ৰতিবাদ অব্যাহত ৰাখিছে। কিন্তু আশ্চৰ্যজনক কথা যে চৰকাৰে গোটেই বিষয়টোক  মহিলাৰ সন্মান ৰক্ষাৰ-যিটো  প্ৰতিশ্ৰুতি এই চৰকাৰৰ ‘ বেটী বচাও,বেটী পঢ়াও’ শ্ল’গানৰ মাজেৰে প্ৰতিফলিত হৈছিল- বিপৰীতে অভিযুক্ত সাংসদ গৰাকীক সুৰক্ষা দিয়াতহে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। তাৰোপৰি আন্দোলনৰত যুৱতী খেলুৱৈসকলৰ বিৰুদ্ধে জাতিভিত্তিক বাহুবলী প্ৰদৰ্শন কৰিবলৈ একাংশ লোকক অনুমতি দিয়া দেখা গৈছে। মহিলাৰ সন্মানক যিখন দেশত আটাইটকৈ উচ্চ স্থানত ৰখা হয় সেইখন দেশৰ গৌৰৱ মল্লযোদ্ধা যুৱতী খেলুৱৈ সকলৰ মৰ্যাদা হানিৰ দৰে গুৰুতৰ অভিযোগৰ ওপৰত আইনসন্মত ব্যৱস্থা গ্ৰহণ নকৰি এনেদৰে জাতিবাদী বাহুবলী প্ৰত্যাক্ৰমণৰ খোলাখুলি হুংকাৰ অনাগত দিনৰ বাবে আৰু সুস্থ গণতান্ত্রিক পৰম্পৰাৰ ক্ষেত্ৰত এক ভয়াবহ বিপদ সংকেত বুলি গণ্য কৰিবলৈ আমি বাধ্য হৈছো। 

আমি অনুভৱ কৰিছো যে  ভাৰতৰ সংবিধানে ভাৰতৰ সকলো নাগৰিকক প্ৰদান কৰা- আইনৰ চকুত সকলো সমান-এই মৌলিক অধিকাৰ ৰক্ষা কৰাত আৰু লগতে মহিলাৰ সন্মান উৰ্দ্ধত তুলি ধৰাৰ ভাৰতীয় পৰম্পৰা ৰক্ষা কৰাত কেন্দ্ৰৰ চৰকাৰখন ব্যৰ্থ হৈছে।  বৰং বিজেপি চৰকাৰে দেশৰ গৌৰৱ মল্ল যুজাৰু সকলৰ ওপৰত চলোৱা আৰক্ষী বাহিনী দমনৰ ঘটনাই প্ৰমাণ কৰিছে যে চৰকাৰখন অপৰাধী সকলৰ ৰক্ষক হৈ পৰিছে। আনহাতে অভিযুক্ত ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে পচকো আইন প্ৰযোজ্য নহয় বূলি দিল্লী আৰক্ষী য়ে দিয়া বক্তব্যক প্ৰগতিশীল নাৰী সন্থাই ধিক্কাৰ জনায় আৰু প্ৰশ্ন কৰে যে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ অভিযোগত বিবাহৰ দহ বাৰ বছৰ পিছত কেনেকৈ একোজন‌ ব্যক্তিৰ বিৰুদ্ধে পচকো আইন প্ৰয়োগ কৰাৰ অধিকাৰ পালে। 

অন্যহাতে আমি অতি উদ্বেগেৰে লক্ষ্য কৰিছো যে যোৱা কেইবছৰ ধৰি  মহিলাৰ ওপৰত ধৰ্ষণ-হত্যা-নিৰ্যাতনৰ দৰে  ঘটনাৰ তালিকাত দেশৰ ভিতৰত অসমৰ ৰাজ্যখন প্ৰথম আৰু ২য় স্থানত আছে । কিছুদিন আগত সংঘটিত হোৱা যমুনামূখ কাণ্ড,বটদ্ৰৱা কাণ্ড,চুমিলা ৰংহাংপীকে ধৰি শেহতীয়াকৈ হোৱা তিনিচুকীয়াৰ বাহাদুৰ চাহ বাগিচাত ধৰ্ষিতা হোৱা এগৰাকী ১৩ বছৰীয়া নাবালিকালৈকে- কেইবাটাও অমানুষিক ঘটনাই অতি স্পষ্ট ৰূপত  অসমত মহিলা আৰু শিশুৰ নিৰাপত্তাৰ বিপদাপন্ন ভয়ানক ছৱিখন উদঙাই দিছে। বৰ্তমানেও অসমত কেইবাজনো নাবালিকা ধৰ্ষণকাৰীক আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd