প্ৰদূষণে দুৰ্বিষহ কৰি তুলিছে দিল্লীবাসীৰ জীৱন। প্ৰতি বছৰে প্ৰদূষণে দিল্লীৰ আকাশ-বায়ু ঢাকি ৰাখে।
শেহতীয়াকৈ দিল্লীত প্ৰদূষণৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছে যে বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত ল’ব লগা হৈছে।
এইবাৰ দিল্লী চৰকাৰে এই পৰিস্থিতিৰ বাবে জগৰীয়া কৰিছে উত্তৰ প্ৰদেশ চৰকাৰক। যোগী ৰাজ্যৰ পৰা অহা বাছৰ ধোৱাৰ বাবে দিল্লীৰ প্ৰদূষণ বাঢ়িছে বুলি দাবী কৰিছে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে।
গোপাল ৰায়ে এই বিষয় সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক চোৱা-চিতা কৰিবলৈ দাবী জনাইছে।
সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত গোপাল ৰায়ে কয় যে দিল্লীত কেৱল বৈদ্যুতিক বাছ আৰু চিএনজি বাছহে চলে। তেওঁ কয় যে দিল্লীত পেট্ৰ’লত চলা BS3 বাছ আৰু ডিজেলত চলা BS4 বাছ নিষিদ্ধ কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে কয়, “মই যোগী আদিত্যনাথক সেই বাছবোৰ নপঠিয়াবলৈ আহ্বান জনাইছো। তেতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ কৰা সম্ভৱ হ’ব।”
পৰিৱেশ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। আনন্দ বিহাৰ অৰ্থাৎ উত্তৰ প্ৰদেশৰ সেই বাছবোৰ যিবোৰ বাছ ষ্টপেজত উপস্থিত হয়, তাত প্ৰদূষণৰ মাত্ৰা সৰ্বাধিক বুলি মন্ত্ৰীগৰাকীয়ে কয়।
মন কৰিবলগীয়া যে দিল্লী চৰকাৰে ইতিমধ্যে বি এছ ৩ আৰু বি এছ ৪ বাছ নিষিদ্ধ কৰিছে। সেই বাছবোৰ যদি দিল্লীৰ পথত দেখা যায় তেন্তে ২০ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।