• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্মক্ষেত্ৰলৈ বহু দূৰ! নতুন চাকৰিৰ প্ৰথম দিনাই চাকৰি এৰিলে যুৱকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2023 6:19 pm
55.9k
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক সময়ত ৰাজহুৱা খণ্ডৰে হওক বা কৰ্পৰেট খণ্ডৰে হওক, কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান তথা পেচাদাৰী জীৱনৰ নানা কাহিনী সামাজিক মাধ্যমত প্ৰকাশ কৰে কৰ্মচাৰীসকলে। এনে কাহিনীবোৰে স্বাভাৱিকতেই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ মনোযোগ আকৰ্ষণ কৰে। 

শেহতীয়াকৈ এনে এক কাহিনীয়ে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা। কৰ্পৰেট খণ্ডত নিজৰ চাকৰিৰ প্ৰথম দিনাই চাকৰি এৰি চৰ্চালৈ আহিছে নতুন দিল্লীৰ এগৰাকী যুৱক। কৰ্মক্ষেত্ৰলৈ বহু দূৰ হোৱাৰ ফলত যাতায়তৰ সময় দীঘলীয়া হৈ পৰাৰ অজুহাততে যুৱকগৰাকীয়ে গ্ৰহণ কৰে এই সিদ্ধান্ত।

চ’ছিয়েল মিডিয়া প্লেটফৰ্ম ৰেডিটত এক পোষ্টযোগে তেওঁ শ্বেয়াৰ কৰিছিল এই সিদ্ধান্তৰ কথা। তেওঁৰ এই পোষ্টটোৰ পাছতে তেওঁৰ সিদ্ধান্ত সন্দৰ্ভত ব্যাপক আলোচনা-সমালোচনা চলে। যুৱকগৰাকীয়ে যুক্তি দিছে যে তেওঁৰ বাসস্থানৰ পৰা কৰ্মস্থলীৰ মাজত ‘বহুত দীঘলীয়া ভ্ৰমণ হ’ব। 

তেওঁৰ বাবে ঘৰ সলনি কৰাটো সমাধানৰ উপায় হ’ব নোৱাৰে বুলিও যুৱকগৰাকীয়ে যুক্তি দৰ্শায়। উল্লেখ্য যে, তেওঁ দিল্লীৰ উত্তৰ-পশ্চিম অংশত বাস কৰে। আনহাতে তেওঁৰ কৰ্মস্থলী আছিল গুৰুগ্ৰামত।

যুৱকগৰাকীয়ে এই সন্দৰ্ভত লিখিছে যে, এটা ভাল প্ৰতিষ্ঠানত সাক্ষাৎকাৰৰ পিছত তেওঁক তৎক্ষণাত নিযুক্তি দিছিল আৰু ভাল দৰমহাও প্ৰদান কৰিছিল। নিজৰ প্ৰথম চাকৰি হোৱাৰ বাবে তেওঁ উৎসুক হৈছিল যদিও পিছত দীৰ্ঘ দূৰত্বৰ বিষয়ে উপলব্ধি কৰে। 

এনে পৰিস্থিতিত তেওঁ হিচাপ কৰি দেখে যে, অফিচৰ কাম, অহা-যোৱাৰ সময় বাদ দিলে ঘৰত মাত্ৰ ৩ ঘণ্টাহে থাকিব পাৰিব। তদুপৰি কৰ্মক্ষেত্ৰলৈ ভ্ৰমণৰ বাবে মাহিলী প্ৰায় ৫ হাজাৰ টকা খৰচ হ’ব। ইফালে তেওঁ বাসস্থান সলাবলৈও সন্মত নহয়।

সেয়েহে তেওঁ আন ৰেডিট ব্যৱহাৰকাৰীৰ পৰা পৰামৰ্শ বিচাৰে। তেওঁৰ এই পোষ্টটোত বহু লোকে মন্তব্য কৰে। বহু লোকে কৰ্মক্ষেত্ৰলৈ নিজৰ যাতায়তৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি যুৱকগৰাকীৰ সমস্যাক তেনেই সাধাৰণ আখ্যা দিয়ে আৰু তেওঁৰ সিদ্ধান্তক ভুলি বুলি অভিহিত কৰে। 

বহু লোকৰ এনে মন্তব্যৰ পিছত যুৱকগৰাকীয়ে পোষ্টটো সম্পাদনা কৰে আৰু নিজৰ ভুল স্বীকাৰ কৰে। নিজৰ সিদ্ধান্ত আৱেগিক আছিল বুলি স্বীকাৰ কৰি আন লোকসকলে যে তেওঁতকৈ অধিক সমস্যাৰ সৈতে যুঁজে সেয়া জানিব পৰা নাছিল বুলি উল্লেখ কৰে যুৱকগৰাকীয়ে। 

তেওঁ  লগতে আগন্তুক যিকোনো সুযোগ গ্ৰহণ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি তেওঁৰ এই পোষ্টটোত মন্তব্য আগবঢ়াই তেওঁৰ মনোভাৱ সলনি কৰাৰ বাবে সকলোকে ধন্যবাদ জনায় যুৱকগৰাকীয়ে।

Recent News

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

লাছ ভেগাছত অনুষ্ঠিত ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমত প্ৰতিযোগিতাত মেগনাছ কাৰ্লচেনক পৰাস্ত প্ৰজ্ঞানন্দৰ

লাছ ভেগাছত অনুষ্ঠিত ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমত প্ৰতিযোগিতাত মেগনাছ কাৰ্লচেনক পৰাস্ত প্ৰজ্ঞানন্দৰ

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd