• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একবিংশ শতিকাটো টুলুঙা নাৱেৰে যাত্ৰা; আজিলৈকে মুকলি নহ’ল লিডুৰ আই টি আই

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 27, 2019 8:11 am
1.1k
VIEWS
Share on FacebookShare on Twitter

একবিংশ শতিকাটো টুলুঙা নাৱেৰে বিপজ্জনকভাৱে যাতায়াত কৰে ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কেতেটং গাঁও পঞ্চায়তৰ কুঁহিয়াৰবাৰী, বিচাগাঁও, মধুপুৰ আদিকে ধৰি কেইবাখনো গাঁ‌ৱৰ ৰাইজে।

স্থানীয় সাংসদ তথা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ ওচৰত ভুক্তভোগী ৰাইজে টিৰাপ নৈৰ ওপৰত বৰুৱা গ্ৰান্ত ঘাটত এখন দলং নিৰ্মাণৰ দাবী দীৰ্ঘদিনে জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।

আনহাতে মাৰ্ঘেৰিটা মহকুমাৰ লিডুত ২০১১ চনতে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতো ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো ৰহস্যজনকভাৱে আজি পৰ্যন্ত মুকলি নহ’ল। ফলত বহুতো ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে কাৰিকৰী শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে৷

সেয়েহে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিয়ে লিডুস্থিত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো অতি শীঘ্ৰেই মুকলি কৰাৰ লগতে লিডু সংযোগী ১ নং কুঁহিয়াবাৰী দলংখন নিৰ্মাণৰ দাবীত লিডুৰ ৰে’লৱে ৰঙ্গমঞ্চত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

তাৰোপৰি বিধায়ক ভাস্কৰ শৰ্মাক লিডু ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ শীঘ্ৰেই মুকলি নকৰিলে জংগী আন্দোলন ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে লিডু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি সঞ্জীৱ টপ্প আৰু বৰ্তমানৰ চামোৱেল তপই।

উল্লেখযোগ্য যে কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰাক্তন উদ্যোগ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ প্ৰচেষ্টাত নিৰ্মিত আৰু অনুমোদিত শৈক্ষিক প্ৰতিষ্ঠানটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল যদিও ৰহস্যজনকভাৱে চৰকাৰখনৰ শাসন কালত মুকলি নহ’ল।

আনহাতে বিগত বৰ্ষত বতাহ-ধুমুহাই প্ৰতিষ্ঠানটোৰ শ্ৰেণী কোঠাৰ এক বৃহৎ অংশৰ টিন পাত উৰুৱাই নিয়াৰ ফলত আৰু চিলিং বোৰ কোনো দুষ্কৃতিকাৰীয়ে ভাঙি পেলোৱাৰ লগতে বিভিন্ন অংশত ক্ষতিগ্ৰস্ত কৰাৰ ফলত শৈক্ষিক প্ৰতিষ্ঠানটো প্ৰায় ধ্বংসস্তুপলৈ পৰিণত হৈছে৷

তাৰোপৰি বৰ্তমানৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই এই শৈক্ষিক প্ৰতিষ্ঠানটোৰ শিক্ষা বৰ্ষ ২০১৮ বৰ্ষৰ পৰা আৰম্ভ হ’ব বুলি বিধায়কৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে বিভিন্ন ৰাজহুৱা স্থানত ঘোষণা কৰিছিল যদিও সেয়া ঘোষণাতে থাকিল।

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd