বিদ্যাসাগৰৰ কণ্ঠত মুকলি হ’ল মৰিগাঁও অধিৱেশনৰ ‘থীম ছং’

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত-বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যেই সাজু হৈছে আদৰণি সমিতিৰ লগতে মৰিগাঁওৰ ৰাইজ।

সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা ক্ষেত্ৰত অহা ৬ ৰ পৰা ৯ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব লগীয়া সংঘৰ ৮৮ সংখ্যক অধিবেশনৰ প্ৰস্তুতিয়ো এতিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে।

অধিবেশনখনক সাফল্যমণ্ডিত কৰাৰ বাবে আদৰণি সমিতিয়ে বিভিন্ন প্ৰকাৰেৰে ভকত-বৈষ্ণৱসকলক আদৰণি জনাবলৈ পদক্ষেপ গ্ৰহণৰ সমান্তৰালকৈ দেওবাৰে অধিবেশনৰ ‘থীম ছং’ এটাও মুকলি কৰে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনৰ বাবে ৰচিত এই ‘থীম ছং’-টোত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰে। সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বাবুল বৰাৰ পৰিকল্পনাত গীতটি ৰচনা কৰিছে গীতিকাৰ ধ্ৰুৱজ্যোতি ৰাজখোৱাই।

দেওবাৰে অধিৱেশন থলীত অনুষ্ঠিত এটা অনুষ্টুপীয়া অনুষ্ঠানত গীতটো মুকলি কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। অনুষ্ঠানত কণ্ঠশিল্পী বিদ্যাসাগৰ আৰু সংঘৰ বহুকেইগৰাকী বিষয় ববীয়াও উপস্থিত থাকে।

মৰিগাঁৱৰ ঐতিহ্য প্ৰকাশ কৰি ৰচনা কৰা এই গীতটোত জিলাখনৰ বিভিন্ন স্থান আৰু কীৰ্তিচিহ্নসমূহে প্ৰাধান্য লাভ কৰিছে। ইয়াত মায়ং, মৰিবিল, জোঙালবলহু গড়, কইনা কন্দা শিল আদিৰ বিশেষত্বই স্থান পাইছে। স্থান পাইছে কলং-কপিলী আৰু জোনবিলৰ পাহাৰ-ভৈয়ামৰ সমন্বয় কথায়ো।