খাদ্য আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰালয়ত খালী আছে ১৭,৬২৫টা পদ : নিৱনুৱা সমস্যাৰে যুঁজিছে শিক্ষিত যুৱক-যুৱতীয়ে

দেশত বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ।  নিযুক্তিৰ অভাৱত খালী হৈ পৰি আছে হাজাৰ হাজাৰ চৰকাৰী পদ। সংসদত বিৰোধীয়ে বাৰে বাৰে এই অভিযোগ উত্থাপন কৰি আহিছে। এইবাৰ বিৰোধীৰ এই অভিযোগ মানি ল’লে কেন্দ্ৰীয় চৰকাৰে। 

কেৱল খাদ্য আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰালয়তে খালী হৈ আছে ১৭ হাজাৰতকৈ অধিক পদ। বিভাগটোৰ ১৭,৬২৫টা পদত নিযুক্তি প্ৰদান কৰা নাই কেন্দ্ৰীয় চৰকাৰে।

খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিমুবেন জয়ন্তীভাই বাম্ভাবনিয়াই মঙলবাৰে সংসদত এই কথা অৱগত কৰিছে।

মঙলবাৰে ৰাজ্যসভাত লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান, সংগঠন আৰু স্বায়ত্তশাসিত সংস্থাসমূহত স্থায়ী আৰু অস্থায়ী পদৰ সংখ্যা ক্ৰমে ৪৫ হাজাৰ ৯১৫ আৰু ১৯টা আছিল। ২০২৪ চনত মুঠ স্থায়ী আৰু অস্থায়ী পদৰ সংখ্যা ক্ৰমে ৪৮ হাজাৰ ৫৫৫ আৰু ৮টা। অৰ্থাৎ নিযুক্তিৰ সংখ্যা কমিছে।

মন্ত্ৰী বাম্ভাবনিয়াই লগতে কয় যে, “যোৱা পাঁচ বছৰত কোনো ব্যক্তিয়ে সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত পুনৰ নিযুক্তি দিয়া হোৱা নাই। বৰ্তমান মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠান, সংগঠন আৰু স্বায়ত্তশাসিত সংস্থাসমূহত মুঠ খালী পদৰ সংখ্যা ১৭,৬২৫টা।”