NORTHEAST NOW (Assamese)

গৰু বন্ধ কৰি চলোৱা হৈছে নেকি ম’হৰ চিণ্ডিকেট : আপৰ সংবাদমেলত বিস্ফোৰক তথ্য

April 21, 2023 3:32 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 21, 2023 9:29 pm

ৰাজ্যত চলি থকা মহ ছিণ্ডকেট সন্দৰ্ভত আজি গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন কৰে আপ, অসমে। আপ, অসমৰ উপসভাপতি জিতুল ডেকাই এই সংবাদ মেলত মহৰ সৰবৰাহ তথা ছিণ্ডিকেট সম্পৰ্কত কেতবোৰ চাঞ্চল্যকৰ তথ্য দাঙি ধৰি কয় যে Assam Cattle Preservation ( Amendment) Act, 2021 বলবৎ হোৱাৰ পিছৰে পৰা বৰ্তমানলৈ বহি:ৰাজ্যৰ পৰা অসমৰ মাজেৰে হাজাৰ হাজাৰ মহ বাংলাদেশলৈ চোৰাংভাৱে চালান দিয়া হৈছে।

গোসুৰক্ষা আইন বলৱৎ হোৱাৰ পিছৰে পৰা বিভিন্ন প্ৰতিষ্ঠান / ফাৰ্মৰ নামত ছিণ্ডিকেট চক্ৰই অসমলৈ মহৰ সৰবৰাহ কৰি মহবোৰ বাংলাদেশলৈ চালান দিছে। বৈধ নথিপত্ৰ প্ৰস্তুত কৰি এই চক্ৰটোৱে অসমৰ বিভিন্ন জিলালৈ কৃষিকাৰ্য কৰা, দুগ্ধ উৎপাদন বা ফাৰ্ম খোলাৰ নামত বহি:ৰাজ্যৰ পৰা অসমলৈ ট্ৰাক আৰু ৰেলযোগে মহ সৰবৰাহত নামি পৰিছে। কিন্তু অসমলৈ সৰবৰাহ কৰা এই মহবোৰ প্ৰকৃততে অসমত আছেনে? যদি আছে এই মহবোৰ কি কাৰ্যত ব্যৱহাৰ কৰা হৈছে, সেয়া নিৰীক্ষণ কৰাৰ কোনো ব্যৱস্থা নাই চৰকাৰৰ।

সহজ ভাষাত কবলৈ গলে এয়াও মহ ছিণ্ডিকেটৰ এটা অংশ। অসমত প্ৰৱেশ কৰোৱাৰ পিছত মহবোৰ যে বাংলাদেশলৈ চালান দিয়া হয়, সেয়া চৰকাৰী পক্ষই জানে। গতিকে মহৰ জাকবোৰ অসমৰ চাৰিসীমাত প্ৰৱেশ কৰোৱাৰ পিছত মেঘালয় হৈ বাংলাদেশলৈ চালান দিয়াৰ পথ মোকলাই দিয়া হয়। বাংলাদেশলৈ চালান দিবলৈ অনাৰ বাবে মহ সৰবৰাহ কৰা চক্ৰটোৱে শ্ৰীৰামপুৰত ছিণ্ডিকেট চক্ৰক ৪/.৫ লাখকৈ টকা আদায় দি আছে।

অসমত গোসুৰক্ষা আইন আছে, তাৰ বাবে গো বধ আৰু সৰবৰাহ বন্ধ আছে। গৰু যি দৰে জীৱ, হবোৰো জীৱ। অথচ গৰুৰ সুৰক্ষা আছে, কিন্তু মহৰ সুৰক্ষা নাই, এইটো কেনে কথা? মুখ্যমন্ত্ৰীয়ে কৈছে মহ অনাত বাধা নাই। ছিণ্ডিকেটত তেওঁ নজৰো দিয়া নাই। এই কথাই মহৰ চোৰাং ব্যৱসায় কৰা, চিণ্ডিকেট চলোৱাসকলক উৎসাহিতহে কৰিছে। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে এই অভিযোগ সন্দৰ্ভত তদন্তহে দিব লাগিছিল।

হাগ্ৰামা মহিলাৰীয়ে ছিণ্ডিকেটৰ ধন সংগ্ৰহ কৰা ব্যক্তিৰ নাম সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এজন জন প্ৰতিনিধিয়ে স্পষ্টকৈ এনে অভিযোগ অনাৰ পাছতো কিয় আজিলৈকে কোনো তদন্ত দিয়া হোৱা নাই? যিখন চৰকাৰে সাধাৰণ এটা ফেচবুক পোষ্টৰ ওপৰত ভিত্তি কৰি গোচৰ লব পাৰে, সেইখন চৰকাৰে ইমান ডাঙৰ অভিযোগ অনাৰ পাছতো কিয় এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সততে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে মিছা অভিযোগত চি বি আই তদন্ত দিয়া বিজেপি চৰকাৰে এই ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব চি বি আইক নিদিয়ে কিয়? দুৰ্নীতিৰ কথা শুনিলে মুখ্যমন্ত্ৰীয়ে নিজে ৰাইজক অৱগত কৰিবলৈ আহ্বান জনাইছিল।

এতিয়া ৰাজহুৱাকৈ মহ ছিণ্ডিকেটৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো মুখ্যমন্ত্ৰী কিয় নীৰৱে আছে বুলি সংবাদ মেলত আপ,অসমে প্ৰশ্ন কৰে। আজিৰ সংবাদ মেলত আপৰ উপ সভাপতি কমল কুমাৰ মেধি আৰু ৰাজ্যিক মেডিয়া সমন্বয়ক জয়ন্ত কলিতাও উপস্থিত থাকে।

Related News