• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বঙালীক ‘বিজেপিৰ ভোটাৰ’ কৰাৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত চৰকাৰে : মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 23, 2025 2:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক বিভিন্ন কৌশলেৰে ঠগ-প্ৰৱঞ্চনা কৰা বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে অসমৰ ভাষিক সংখ্যালঘুৰ কেইবাজনো নেতা।

ভাষিক সংখ্যালঘু নেতা স্বপন মণ্ডলে বিজেপি চৰকাৰে অসমৰ হিন্দু বঙালী লোকসকলক প্ৰতাৰাণা কৰি অহাৰ লগতে মন্ত্ৰী সভাত স্থান নিদি জাতিটোক প্ৰতাৰণা কৰা বুলি উল্লেখ কৰে।

Apply Now

ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত মণ্ডলে কয় যে বিজেপিয়ে কেৱল বঙালী সম্প্ৰদায়ৰ লোকসকলৰ ভোটহে বিচাৰে।

এতিয়াও ডিটেনশ্যন কেম্পত বঙালী হিন্দু লোকসকল থাকিবলগা হৈছে বুলিও উল্লেখ কৰি মণ্ডলে কয় যে হিন্দু বঙালী বহু লোকক ‘ডি’ ভোটাৰ কৰি দিছে আৰু ১৪ লাখ হিন্দু বঙালী লোকক এনআৰচিৰ পৰা নাম কৰ্তন কৰিছে। এনআৰচিক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰস্তুত কৰা বুলি উল্লেখ কৰি মণ্ডলে আৰু কয় যে এখন শুদ্ধ এনআৰচি চৰকাৰে নিদিলে। ‘কা’ৰ নামত হিন্দু বঙালীসকলক হাৰাশাস্তি কৰা বুলিও তেওঁ অভিযোগ কৰে।

সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে কয় যে হিন্দু বঙালী ভোটাৰসকলক ভয় আৰু ভাবুকিৰে বিজেপি চৰকাৰে ‘ডি’ ভোটাৰ কৰাৰ চালনাৰে বিজেপিৰ ভোটাৰ কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। অসমত বিজেপিয়ে এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰস্তুত কৰাত বিফল হোৱাৰ প্ৰসংগতো বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷

মীৰা বৰঠাকুৰে অসমৰ মানুহে এখন শুদ্ধ এনআৰচি বিচাৰে নে নাই বুলি প্ৰশ্ন কৰি কয় যে অসমৰ মানুহে এখন শুদ্ধ এনআৰচি প্ৰস্তুত হোৱাটো বিচাৰে৷

বৰঠাকুৰে কয়, ”এনআৰচি প্ৰস্তুত কৰিবলৈ ৫৫ হাজাৰ অসম চৰকাৰৰ কৰ্মচাৰী নিয়োগ কৰা হৈছিল, ১৬০০ কোটি টকা খৰচ কৰা হৈছিল৷ তাৰ পিছতো এখন শুদ্ধ এনআৰচি কিয় হৈ নুঠিল সেয়া এক বৃহৎ প্ৰশ্ন। অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৪ মাৰ্চত পিছত অসমলৈ অহা কোনো সন্দেহযুক্ত বা অভাৰতীয় লোকক কংগ্ৰেছে কেতিয়াও ভাৰতলৈ অহাটো নিবিচাৰে৷’’

ডাবল ইঞ্জিন চৰকাৰ অসমত সম্পূৰ্ণৰূপে বিফল হোৱাৰ প্ৰসংগ উল্লেখ কৰি বৰঠাকুৰে কয় যে ডিটেক্ট, ডিটেনচন আৰু ডিপৰ্ট কৰিবলৈ দুখন দেশৰ মাজত এখন চুক্তি থাকিব লাগে৷ ”কেইদিমান আগতে ৬৫ জন লোকক ধৰি পুছ বেক কৰিলে৷ তেওঁলোকে ৰাজ্যত প্ৰচাৰ কৰিলে যে আমি বাংলাদেশী ধৰি পুছ বেক কৰিছো৷ কিন্তু অতি হতাশজনক কথা যে ঘূৰাই পঠিওৱা লোকক উভতাই অনা হৈছে৷’’— মৰিগাঁৱৰ এজন ব্যক্তিৰ উদাহৰণ দাঙি ধৰি মৰিগাঁও জিলা আৰক্ষী অধীক্ষকে তেনেদৰে ধৰা লোকক পুনৰ উভতাই আনি পৰিয়ালক চমজাই দিয়া বুলি কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷

মুখ্যমন্ত্ৰীক উদ্দেশ্যি ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে নাগৰিকত্ব বিষয়টো কেন্দ্ৰৰ বিষয়৷ তেওঁ কয়, ”ৰাজনৈতিক উদ্দেশ্যেপ্ৰণোদিতভাৱে অসমখন অশান্ত কৰিব খোজা হৈছে৷ হিন্দু-মুছলমান কৰা হৈছে৷ মুছলমান ধৰি হিন্দুৰ ভোট পোলাৰাইজ কৰিব খোজা হৈছে৷ এনেকুৱা কোনো নাগৰিকৰ ক্ষেত্ৰত হ’ব নালাগে৷ আমি গৰিহণা দিছো৷ বিদেশী হিন্দুৱে হওক বা মুছলমান হওক ইয়াৰ পৰা প্ৰত্যাৱৰ্তন কৰিব লাগে৷’’ গোৱালপাৰাৰ মাটিয়াৰ ডিটেনচন কেম্পৰ প্ৰসংগ উল্লেখ কৰি মীৰা বৰঠাকুৰে কয় যে উচ্চতম ন্যায়ালয় ডিটেনচন কেম্পত মানুহক যেনেদৰে ৰাখিছে সেয়া যুক্তি সংগত নহয় বুলি কৈছে৷ ডিটেনচন কেম্পত থকা লোকৰ মানৱ অধিকাৰ খৰ্ব কৰা হৈছে বুলিও কয় বৰঠাকুৰে।

ডিটেনচন কেম্প ভ্ৰমণ কৰি সুৰক্ষাত থকা লোকৰ সৈতে কথা পতা বুলি কৈ মীৰা বৰঠাকুৰে কয় যে তাত থকা মানসিকভাৱে ভাগি পৰা লোকৰ চিকিৎসাৰ অভাৱ, শাৰীৰিক চিকিৎসাৰ অভাৱ৷ পৰিয়ালৰ সৈতে কথা পাতিবলৈ নিদি মানৱ অধিকাৰ খৰ্ব কৰা হৈছে৷ ২০১৯ চনত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সৈনিক চানাউল্লা হকক আটক কৰাৰ ঘটনাই ৰাষ্ট্ৰজুৰি ক্ষোভৰ সৃষ্টি কৰিছিল৷ বিজেপি চৰকাৰে হুৰমূৰকৈ এটা পলিটিকেল ষ্টাণ্ট দেখুৱাই সন্দেহজনক নাগৰিক সজাই অসমত যিধৰণে ৰাজনৈতিক বাতাৱৰণ কৰিব খুজিছে সেয়া দুৰ্ভাগ্যজনক৷

বঙালী ডি-ভোটাৰৰ প্ৰসংগ উল্লেখ কৰি মীৰা বৰঠাকুৰে কয় যে ১৯৭৭ চনৰ ভোটাৰ তালিকা সংশোধনৰ সময়ত যিসকলৰ নথি পত্ৰৰ সৰু-সুৰা আঁসোৱাহ আছিল তেতিয়া সেই ব্যক্তিৰ আগত ডি-শব্দটো লগাই দিয়া হৈছিল৷ তেওঁ কয়, ”এনআৰচিৰ কাৰণে ৫৫ হাজাৰ কৰ্মচাৰী নিয়োগ কৰা হ’ল৷ ১৬০০ কোটি খৰচ হ’ল৷ উচ্চতম ন্যায়ালয় নোডেল কৰ্তৃপক্ষ হৈ আছিল৷ তাৰ পিছতো আমি কিয় এখন শুদ্ধ ভোটৰ তালিকা পাব নোৱাৰিলো৷ এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোক যদি সঁচাকৈয়ে ভাৰতীয় নহয় তেন্তে চৰকাৰে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব?’’ ১৯ লাখৰ ভিতৰৰ বেছিভাগ ভাৰতীয় নাগৰিক হয় বুলি দাবী কৰি বৰঠাকুৰে কয় যে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে যে ১৯৭১ চনৰ ১৪ মাৰ্চৰ পিছত ভাৰতলৈ অহা হিন্দু-মুছলমানে কোনেৱেও ভাৰতীয় নাগৰিকত্ব পাব নালাগে৷ এয়া কংগ্ৰেছৰ স্থিতি৷ কিন্তু বিজেপিয়ে ২০১৪ চনৰ ৩০ অক্টোবৰলৈ বিদেশীক নাগিৰকত্ব দিলে আৰু স্বদেশীক বিদেশী সজাই হাৰাশাস্তি কৰিলে। কোনো নিৰীহ, অসহায় লোক যিসকল ভাৰতীয় তেওঁলোকক আতিশয্যা নচলাবলৈকো মীৰা বৰঠাকুৰে সকীয়াই দিয়ে৷

‘ডি’ ভোটাৰৰ নামত মানুহক ভয় আৰু শংকাত ৰাখি বিজেপিক নিজৰ ভোটাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈকো দাবী জনাই মীৰা বৰঠাকুৰে৷

Tags: CONGRESSinc assamMira Borthakur
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd