• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মহাৰাষ্ট্ৰত হাহাকাৰ! লড়কী বহিন আঁচনিৰ পৰা কৰ্তন ৯০ লাখ মহিলাৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 8:40 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰত বৰ্তমান বিজেপি চৰকাৰৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চৰকাৰী এক ঘোষণাৰ পাছতে পোহৰলৈ আহিছে যে ৰাজ্যখনৰ প্ৰায় ৯০ লাখ মহিলাৰ নাম এই আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। যাৰ ফলত পূৰ্বতে এই সুবিধা লাভ কৰা ২.৬ কোটি মহিলাৰ সংখ্যা এতিয়া মাত্ৰ ১.৫৩ কোটিলৈ হ্ৰাস পাইছে।

চৰকাৰী সূত্ৰই সদৰী কৰা মতে যিসকল মহিলাৰ পৰিয়ালৰ বাৰ্ষিক আয় ২.৫ লাখ টকাতকৈ অধিক অথবা যাৰ ঘৰত চাৰিচকীয়া বাহন আছে সেইসকল মহিলা এই আঁচনিৰ বাবে যোগ্য নহয়। তালিকাখন পৰিষ্কাৰ কৰিবলৈ চৰকাৰে এক স্বয়ংচালিত ডিজিটেল বহিস্কাৰ সঁজুলি ব্যৱহাৰ কৰিছে যিয়ে পেন কাৰ্ডৰ তথ্য পৰীক্ষা কৰি অযোগ্যসকলক বিচাৰি উলিয়াইছে।

Apply Now

বাতিল হোৱা মহিলাৰ সংখ্যাৰ ক্ষেত্ৰত ৰাজ্যখনৰ বীড জিলা শীৰ্ষত আছে য’ত প্ৰায় ২.৮৩ লাখ মহিলাক অযোগ্য ঘোষণা কৰা হৈছে। প্ৰশাসনিক বিষয়াসকলে যুক্তি দিছে যে ইয়াৰ ফলত প্ৰকৃত দৰিদ্ৰ আৰু যোগ্য হিতাধিকাৰীসকলেহে আঁচনিৰ ধন লাভ কৰিব আৰু ৰাজ্যৰ ৰাজহ অপচয় হোৱাৰ পৰা ৰক্ষা পৰিব। আনহাতে এই ব্যৱস্থাৰ বাবে বহুতো প্ৰকৃত আবেদনকাৰী এতিয়া চৰকাৰী জটিলতাৰ মাজত আৱদ্ধ হৈ পৰিছে। চৰকাৰে বৰ্তমান নাৰী শক্তি দূত নামৰ এটা ম’বাইল এপ বা স্থানীয় কেন্দ্ৰৰ জৰিয়তে ই-কেৱাইচি সম্পন্ন কৰাটো বাধ্যতামূলক কৰিছে। যাৰ ফলত হঠাৎ অনুমোদিত পৰা অযোগ্যলৈ সলনি হোৱা হাজাৰ হাজাৰ মহিলাই এতিয়া গাঁও পঞ্চায়ত আৰু ৱাৰ্ড অফিচসমূহত ভিৰ কৰি নিজৰ অভাৱৰ কথা প্ৰমাণ কৰিবলগীয়া হৈছে।

যিসকল মহিলাৰ নাম অযোগ্য ঘোষণা কৰা হৈছে তেওঁলোকে নিজৰ যোগ্যতা পুনৰ লাভ কৰিবলৈ অহা ৩১ মাৰ্চৰ ভিতৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাবে তেওঁলোকে লড়কী বহেনা যোজনাৰ চৰকাৰী ৱেবছাইটত লগ-ইন কৰি কিয় তেওঁলোকৰ আবেদন নাকচ কৰা হৈছে তাৰ নিৰ্দিষ্ট কাৰণটো বিচাৰি উলিয়াব লাগিব। যদি আধাৰ কাৰ্ড বা ৰেচন কাৰ্ডৰ ফটোৰ অস্পষ্টতাৰ দৰে কোনো কাৰিকৰী ভুলৰ বাবে আবেদন নাকচ হৈছে তেন্তে তেওঁলোকে সেয়া শুধৰণি কৰি নথিপত্ৰসমূহ পুনৰ আপলোড কৰাৰ সুবিধা পাব। যিসকলে ৱেবছাইটত সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে নিকটৱৰ্তী অংগনৱাড়ী সেৱিকা বা চৰকাৰী সুবিধা কেন্দ্ৰত গৈ ব্যক্তিগতভাৱে আৱেদন দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটোও অতি জৰুৰী কাৰণ ডিবিটি লিংক নাথাকিলে বহুতো হিতাধিকাৰীৰ ধন জমা হোৱাত বাধাৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd