• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৰূপায়ণত আন্তঃগাঁথনিৰ অভাৱ: ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ মুখ্যমন্ত্ৰীলৈ আছুৰ পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 4:03 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী: ৰাষ্ট্ৰীয় শিক্ষানীতিৰ (NEP) আধাৰত ৰাজ্যৰ মহাবিদ্যালয়সমূহত প্ৰৱৰ্তন কৰা চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ আন্তঃগাঁথনিগত অভাৱ আৰু বিসংগতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (আছু)। এই অৱস্থা অব্যাহত থাকিলে শিক্ষাৰ্থীৰ ভৱিষ্যতলৈ চৰম অন্ধকাৰ নামি অহাৰ আশংকা প্ৰকাশ কৰি ছাত্ৰ সংগঠনটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

আছুৱে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত উল্লেখ কৰা অনুসৰি, ২০২৩ বৰ্ষৰ পৰা শিক্ষাৰ্থীসকলে একেৰাহে চাৰি বছৰ পঢ়াৰ মানসেৰে মহাবিদ্যালয়সমূহত নামভৰ্তি কৰিছিল। কিন্তু তিনিটা বৰ্ষ অতিক্ৰম কৰাৰ পাছত এতিয়া চতুৰ্থ বৰ্ষৰ, অৰ্থাৎ সপ্তম আৰু অষ্টম ষান্মাসিকৰ পাঠদানৰ সময়ত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। পূৰ্বৰ ছটা ষান্মাসিকৰ সমান্তৰালকৈ অতিৰিক্ত দুটা ষান্মাসিক বৃদ্ধি পোৱাৰ ফলত প্ৰতিটো বিভাগতে নতুন শ্ৰেণীকোঠাৰ প্ৰয়োজন হৈছে, যি আন্তঃগাঁথনি মহাবিদ্যালয়সমূহত এতিয়াও গঢ় লৈ উঠা নাই।

Apply Now

আন্তঃগাঁথনিৰ লগতে তীব্ৰ শিক্ষকৰ অভাৱে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে চতুৰ্থ বৰ্ষত ‘Degree (Honours)’ বা ‘Degree (Honours with Research)’ প্ৰদানৰ কথা কৈছে যদিও গৱেষণাসহ ডিগ্ৰী প্ৰদান কৰিব পৰাকৈ মহাবিদ্যালয়সমূহৰ প্ৰতিটো বিভাগতে পৰ্যাপ্ত আৰু উপযুক্ত শিক্ষক নাই। চৰকাৰে প্ৰয়োজন অনুসৰি স্থায়ী পদ সৃষ্টি নকৰাৰ উপৰি ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰাত পাঠদান প্ৰক্ৰিয়া একপ্ৰকাৰ অচল হৈ পৰিছে বুলি আছুৱে অভিযোগ কৰিছে। ইয়াৰ উপৰি, বিজ্ঞান শাখাৰ শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় উন্নত মানৰ গৱেষণাগাৰৰো বেছিভাগ মহাবিদ্যালয়তে ব্যাপক অভাৱ।

বিগত তিনি বছৰে চতুৰ্থ বৰ্ষৰ পাঠ্যক্ৰম ৰূপায়ণৰ কোনো স্পষ্ট নিৰ্দেশনা বা ৰূপৰেখা প্ৰস্তুত নোহোৱাত এতিয়া ৰাজ্যৰ বহু মহাবিদ্যালয়ে চতুৰ্থ বৰ্ষৰ পাঠদান কৰিবলৈ অপাৰগতা প্ৰকাশ কৰা বুলি পত্ৰখনত আঙুলিয়াই দিয়া হৈছে। ফলত চাৰিবছৰীয়া ডিগ্ৰী লাভৰ আশাত নামভৰ্তি কৰা শিক্ষাৰ্থীসকল এতিয়া বাধ্য হৈ তিনি বছৰতে কেৱল স্নাতক ডিগ্ৰী লৈ পাঠ্যক্ৰম সামৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আনহাতে, চাৰিবছৰীয়া পাঠ্যক্ৰমৰ অন্তত প্ৰয়োজনীয় এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহ কিমান সাজু হৈছে, তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে।

এই সমগ্ৰ বিষয়টোক লৈ চৰকাৰৰ জৰুৰী হস্তক্ষেপ দাবী কৰি আছুৱে স্পষ্ট কৰি দিছে যে চাৰিবছৰীয়া পাঠ্যক্ৰম আৰম্ভ কৰা প্ৰতিখন মহাবিদ্যালয়ে শিক্ষাৰ্থীক সম্পূৰ্ণ চাৰিটা বছৰ পঢ়াবই লাগিব আৰু তেওঁলোকক তিনি বছৰতে পাঠ্যক্ৰম সামৰিবলৈ কোনো কাৰণতে বাধ্য কৰিব নোৱাৰিব। চৰকাৰক অনতিপলমে প্ৰয়োজনীয় আন্তঃগাঁথনি যোগান ধৰিবলৈ আৰু শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয়সমূহক এতিয়াৰ পৰাই সাজু কৰি তুলিবলৈ আছুৱে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

July 18, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd