ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক

প্ৰত্যক্ষদৰ্শী ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে, সন্ধিয়া প্ৰায় ৬:৩০ বজাত হল দুটাৰ ছাত্ৰ-ছাত্ৰীয়ে ৰড, দা আৰু লাঠিৰে কাজিয়াত লিপ্ত হয়। পিছত ইজনে সিজনক খেদি খেদি কেইবাবাৰো সংঘৰ্ষত লিপ্ত হয়।

বিশ্বকাপৰ উষ্ণ পৰিৱেশৰ মাজতে এখন ফুটবল খেলক লৈ সংঘটিত হ’ল প্ৰচণ্ড মাৰপিটৰ ঘটনা। বাংলাদেশৰ জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ মৌলানা ভাসানী হল আৰু এ এফ এম কমলুদ্দিন হলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ফুটবল খেলক লৈ সংঘটিত হ’ল ভয়ানক সংঘৰ্ষ। উক্ত মাৰপিটত আহত হৈছে কমেও ৫০ জন ছাত্ৰ-ছাত্ৰী। মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত বিশ্ববিদ্যালয়খনৰ বট্টালা অঞ্চলত সংঘটিত হয় এই ঘটনা।

আহত ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৮ গৰাকী ছাত্ৰ-ছাত্ৰী চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল এ এফ এম কমলুদ্দিন হলৰ ৫০ নং বেটচৰ ছাত্ৰ ৰুবায়েত হাছান আৰু ৪৮ নং বেটচৰ ৰাছেল আকান্দ আৰু মৌলানা ভাছানী হলৰ আহত ছাত্ৰ-ছাত্ৰী সকল হ’ল ৫০ নং বেটচৰ হৃদিয়া, ৰাব্বি, ৪৯ নং বেটচৰ হুজাইফা, নয়ন, ৪৬ নং বেটচৰ নিবীৰ আৰু নাজৰুল।

বিশ্ববিদ্যালয়খনৰ শাৰীৰিক শিক্ষা বিভাগৰ সূত্ৰ অনুসৰি, বিয়লি বিশ্ববিদ্যালয়খনৰ কেন্দ্ৰীয় খেলপথাৰত চ্যান্সেলৰ কাপ ফুটবল খেলত মৌলানা ভাছানী হল আৰু এ এফ এম কমলুদ্দিন হলৰ মুখামুখি হয়। ৪০ মিনিটৰ এই খেলখনৰ ৩৭ মিনিটত ৰেফাৰীয়ে কমলুদ্দিন হলৰ বিৰুদ্ধে অফছাইডৰ বাবে হুইচেল মাৰে। এই সময়ত মৌলানা ভাছানী হলৰ গ’ল পোষ্টত প্ৰৱেশ কৰে বল। তাৰ পাছত কমলুদ্দিন হলৰ খেলুৱৈ আৰু দৰ্শকে গ’লটো উদযাপন কৰে। কিন্তু যেতিয়া মৌলানা ভাছানী হলৰ এই গলটো মানি ল’বলৈ অসন্মত হয়, তেতিয়া দুয়োটা দলৰ খেলুৱৈ আৰু দৰ্শকৰ মাজত হতাহতিৰ সৃষ্টি হয়। পিছত বিশ্ববিদ্যালয়ৰ প্ৰক্টৰেল বডিৰ সদস্যসকলৰ উপস্থিতিত তাৰ পৰা ছাত্ৰ-ছাত্ৰীসলে ছত্ৰভংগ দিয়ে।

প্ৰত্যক্ষদৰ্শী ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে, সন্ধিয়া প্ৰায় ৬:৩০ বজাত হল দুটাৰ ছাত্ৰ-ছাত্ৰীয়ে ৰড, দা আৰু লাঠিৰে কাজিয়াত লিপ্ত হয়। পিছত ইজনে সিজনক খেদি খেদি কেইবাবাৰো সংঘৰ্ষত লিপ্ত হয়। সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰ বাংলাদেশত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।