জানেনে? স্বাধীনতা দিৱসত কৰা পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসত কৰা পতাকা উত্তোলনৰ মাজত আছে বিশেষ পাৰ্থক্য

সমগ্ৰ দেশতে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। পুৱাৰে পৰা দেশৰ ৰাজধানীকে ধৰি বিভিন্ন ৰাজ্যৰ ৰাজধানীত পতাকা উত্তোলন কৰা হৈছে। 

গণৰাজ্য দিৱসৰ লগতে স্বাধীনতা দিৱসতো পতাকা উত্তোলন কৰা হৈছে। কিন্তু স্বাধীনতা দিৱসত পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসত কৰা পতাকা উত্তোলনৰ মাজত যথেষ্ট পাৰ্থক্য আছে। স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰা হয়। কিন্তু গণৰাজ্য দিৱসত কৰা নহয়। গণৰাজ্য দিৱসত পতাকা উন্মোচন কৰা হয়। কিন্তু পাৰ্থক্য কি জানেনে?

Flag Hoisting হৈছে পতাকা উত্তোলনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত এটা এটাকৈ পতাকা উত্তোলন কৰা হয়। পতাকাখন তলৰ পৰা ৰছীৰে খুঁটা এটাৰ ওপৰলৈকে উত্তোলন কৰা হয়। এই কাম স্বাধীনতা দিৱসৰ দিনা কৰা হয়। দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। 

আনহাতে গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰাৰ পৰিৱৰ্তে পতাকা উন্মোচন কৰা হয়। কাৰণ ভাৰতৰ সংবিধান গৃহীত হোৱাৰ বাবে গণৰাজ্য দিৱস পালন কৰা হয়। 

আজিৰ দিনটোত পতাকা উত্তোলনৰ পৰিৱৰ্তে উন্মোচন কৰা হয়। আজিৰ দিনটোত খুঁটাৰ তলৰ পৰা পতাকা উত্তোলন কৰা নহয়। ওপৰত সংগ্ৰহ কৰা হয়। খুলিলেই খুঁটাটোৰ ওপৰত পতাকা উৰিবলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়াটোক আনফ’ল্ডিং বোলা হয়।