NORTHEAST NOW (Assamese)

বিদ্যালয়ৰ কাষত আছে মন্দিৰ, মধ্যাহ্ন ভোজনত কণী দিয়াত বাধা

July 24, 2025 2:26 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 24, 2025 2:27 pm

কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ এখন চৰকাৰী বিদ্যালয়ে মধ্যাহ্ন ভোজনত কণী পৰিবেশন কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত স্থানীয় ৰাইজে তীব্ৰ আপত্তি কৰে। তেওঁলোকৰ দাবী, বিদ্যালয়খনৰ কাষতে বীৰাভদ্ৰেশ্বৰ স্বামীৰ মন্দিৰ। মন্দিৰৰ কাষৰীয়া অঞ্চলত কণী বা যিকোনো আমিষ খাদ্য ৰান্ধিলে তেওঁলোকৰ ধৰ্মীয় বিশ্বাসত আঘাত হানিব।

ফলত সেইখন বিদ্যালয়ৰ ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালে বিদ্যালয়ত কণী খুৱালে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াব নোৱাৰিব বুলি হুংকাৰ দিছে। জানিব পৰা মতে, ইতিমধ্যে কেইবাটাও পৰিয়ালে বদলিৰ প্ৰমাণ পত্ৰ (টিচি)ৰ বাবে আৱেদন কৰিছে।

এজন অভিভাৱকে কয়, ‘আমি তেওঁলোকক কণী পৰিবেশন কৰা বন্ধ কৰিবলৈ কৈছো। আগতে কিছুমানক কণী দিয়া হৈছিল আৰু বাকীক কল বা চিকি দিয়া হৈছিল। হঠাৎ স্কুলে আমাক খবৰ নিদিয়াকৈ কণী ৰান্ধিবলৈ ধৰিলে। এইটো গ্ৰহণযোগ্য নহয়।’

বিদ্যালয় কৰ্তৃপক্ষই কয় যে চৰকাৰৰ নিৰ্দেশ মানি কণী পৰিবেশন কৰা হৈছে। কোনো ছাত্ৰই যদি কণী বিচাৰে তেন্তে সেই কণীৰ ব্যৱস্থা কৰিব লাগিব। স্কুলৰ অধ্যক্ষই কয়, ‘তেওঁলোকে কণী খাইছে নে নাই সেই কথা নাভাবিব, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবিব। স্কুলীয়া শিক্ষাই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।’এই ঘটনাৰ বাবে শিক্ষা বিভাগো বিপদত পৰিছে। ইতিমধ্যে সমগ্ৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মাণ্ডিয়া জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী চেলুভাৰয়া স্বামীয়ে এখন বৈঠকৰ কথা ঘোষণা কৰিছে। তেওঁ কৈছে , ‘শিক্ষা বিভাগ, বিদ্যালয়ৰ অধ্যক্ষ আৰু অভিভাৱকৰ মাজত বৈঠক হ’ব৷ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব।’

Related News