• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাজো-শুৱালকুছিত গৌৰৱ গগৈ-ভূপেন বৰাৰ নিৰ্বাচনী হুংকাৰ: এআইইউডিএফৰ সৈতে কোনো মিত্ৰতা নহয় বুলি ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2026 7:32 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই আজি হাজো-শুৱালকুছি সমষ্টিত এক বিশাল প্ৰাক-নিৰ্বাচনী প্ৰচাৰ চলায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। সাংগঠনিক সভাখনত ভাষণ প্ৰদান কৰি সভাপতি গৌৰৱ গগৈয়ে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ সৈতে কংগ্ৰেছে ভৱিষ্যতে কোনো ধৰণৰ নিৰ্বাচনী মিত্ৰতা নকৰে বুলি পুনৰবাৰ স্পষ্ট কৰি দিয়ে। লোকসভা নিৰ্বাচনত ব্যৰ্থ হোৱাৰ পিছত এআইইউডিএফ-এ কংগ্ৰেছৰ জৰিয়তে বৈতৰণী পাৰ হোৱাৰ যি অংক কৰিছে, সেয়া সফল হ’বলৈ দিয়া নহ’ব বুলি তেওঁ হুংকাৰ দিয়ে। বাইক আৰু চাইকেল ৰেলীৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত গগৈয়ে বিভিন্ন ধৰ্মীয় স্থানত আশীষ গ্ৰহণ কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি গৌৰৱ গগৈয়ে তেওঁক অসমৰ ইতিহাসৰ আটাইতকৈ ‘মিছলীয়া মুখ্যমন্ত্ৰী’ বুলি আখ্যা দিয়ে। গগৈয়ে অভিযোগ কৰে যে বিগত ২০ বছৰত জনসাধাৰণক সেৱা কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল পৰিয়ালৰ নামত সম্পত্তি গঢ়াতহে ব্যস্ত থাকিল। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অংগনবাড়ী কৰ্মীৰ সমস্যা সমাধান আৰু ব্যক্তিগত আক্ৰমণৰ প্ৰসংগ টানি আনি গগৈয়ে কয় যে কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে বিজেপি চৰকাৰে গঢ়া সকলো অবৈধ সম্পত্তি কাঢ়ি লৈ দুখীয়াৰ মাজত বিতৰণ কৰা হ’ব। বিজেপি চৰকাৰৰ দিনত সমাজত বিভাজনৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে তৰুণ গগৈৰ দিনতহে সকলো জাতি-জনগোষ্ঠী সুৰক্ষিত আছিল। বৰ্তমানৰ চৰকাৰে কেৱল ‘কমিছন’ৰ বিনিময়তহে চৰকাৰী আঁচনিৰ সুবিধা বিতৰণ কৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Apply Now

একেখন সভাতে উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই বিজেপিৰ ‘জাতি-মাটি-ভেটি’ৰ শ্লোগানৰ বিৰোধিতা কৰি কয় যে বৰ্তমানৰ চৰকাৰৰ দিনত খিলঞ্জীয়াই মাটি পোৱাৰ পৰিৱৰ্তে আদানি-আম্বানিৰ দৰে পুঁজিপতিয়েহে মাটি লাভ কৰিছে। ২০১৬ চনত বিজেপিয়ে ‘শৰাইঘাটৰ শেষ ৰণ’ৰ কথা কৈছিল যদিও পাছলৈ ‘কা’ জাপি দি পাঁচজন থলুৱা যুৱকক গুলীয়াই হত্যা কৰাহে দেখা গ’ল বুলি বৰাই সোঁৱৰাই দিয়ে। বিটিআৰৰ চুক্তি ৰূপায়ণ নকৰাক লৈ হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত কৰা সমালোচনাৰ প্ৰসংগ উল্লেখ কৰি বৰাই কয় যে বিটিচিৰ পৰাও বিজেপিৰ পতন নিশ্চিত। জুবিন গাৰ্গৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি নিদিলে বিহুৰ সময়ত ৰাইজে বিজেপিক পুলিয়ে-পোখাই উঘালি ব্ৰহ্মপুত্ৰত উটুৱাই দিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি গৌৰৱ গগৈয়ে শিঙিমাৰী বজাৰত স্থানীয় কৃষকৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ পৰা শাক-পাচলি ক্ৰয় কৰে। শুৱালকুছিৰ এৰী-মুগা শিল্পৰ দুৰৱস্থাৰ বাবে চৰকাৰক দায়ী কৰি গগৈয়ে কয় যে ব্যক্তিগত লাভালাভৰ বাবে থলুৱা শিল্পসমূহ ধ্বংস হ’বলৈ দিয়া হৈছে। আজিৰ এই কাৰ্যসূচীত বিধায়িকা নন্দিতা দাস, সত্যব্ৰত কলিতাকে ধৰি কংগ্ৰেছৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে। কাইলৈ গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত কংগ্ৰেছৰ এই প্ৰচাৰ অভিযান অব্যাহত থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd