NORTHEAST NOW (Assamese)

ল’কডাউনৰ প্ৰভাৱ; ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পহিলা ব’হাগত নাই ভক্তৰ সমাগম

April 14, 2020 4:16 pm · নীৰ্মলেন্দু পাঠক

 আজি পহিলা ব’হাগ। বিগত বছৰ সমূহত দেখা গৈছিল ব’হাগৰ এই প্ৰথম দিনটোত ভক্তই ভিৰ কৰে মঠ মন্দিৰ সমূহত।

ব্যতিক্ৰম নাছিল মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা স্থাপিত যোৰহাট জিলাৰ টীয়ক লাহদৈগড়ৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। পুৱাৰ পৰাই ভক্তৰ সমাগমে ঐতিহাসিক বৰনামঘৰ প্ৰাঙ্গন মুখৰিত হৈছিল।

কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত দৃশ্ দেখা গ’ল ঢেকীয়াখোৱা বৰনামঘৰত। ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত থকা ল’ক ডাউনৰ বাবে নামঘৰ পৰিচালনা সমিতিয়েও ভক্তৰ বাবে বন্ধ ৰখাৰ বাবে এই পৰিবেশ।

অৱশ্যে পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ সীমিত সংখ্যক ভকত বৈষ্ণৱৰ সহযোগত নীতি নিয়মভাগ জাতিটোৰ কল্যাণৰ বাবে অব্যাহত ৰাখিছে নামঘৰ পৰিচালনা সমিতিয়ে।

কালি গৰু বিহুৰ দিনা সমস্ত জীৱ জন্তুৰ বাবে এখনি শৰাই আৰু আজি সমস্ত মানৱ জাতিৰ বাবে ৰাজহুৱা এখনি শৰাই দিয়াৰ দিহা কৰিছে।

উল্লেখযোগ্য যে ইতিমধ্যে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু কৰ্মচাৰী পৰিষদে প্ৰায় ৩০০ ৰো অধিক খাদ্যৰ টোপোলা অঞ্চলটোৰ আৰ্তসকলক প্ৰদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে।

Related News