NORTHEAST NOW (Assamese)

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

March 30, 2023 4:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 30, 2023 3:32 pm

আমাৰ সমাজত এতিয়াও মুকলিকৈ যৌনতা সম্পৰ্কে আলোচনা কৰিব নোৱাৰি। বেছিভাগ অভিভাৱকেই সন্তানৰ সন্মুখত এই বিষয়ে কথা পাতিবলৈ লজ্জা অনুভৱ কৰে। সেয়ে কিশোৰকিশোৰীসকলৰ যৌনতা বিষয়টোৰ প্ৰতি আগ্ৰহ বেছি। গতিকে কৌতুহল পূৰণৰ বাবে কিশোৰকিশোৰীসকলে প্ৰায়ে গুগুলত চাৰ্চ কৰে যৌনতা সম্পৰ্কীয় প্ৰশ্ন। কেৱল কিশোৰকিশোৰীয়েই নহয়, প্ৰাপ্তবয়স্ক সকলেও গুগুলত ঘনাই চাৰ্চ কৰে এইকেইটা প্ৰশ্ন

) মহিলা বা ছোৱালীৰ যৌনতাৰ ইচ্ছা সম্পৰ্কে পুৰুষ সকল খুব আগ্ৰহী। সেয়ে প্ৰায়ে গুগুলত সন্ধান কৰে মহিলাৰ যৌন ইচ্ছাৰ বিষয়ে। আনকি মহিলাক কেনেকৈ উত্তেজিত কৰিব পৰা যায় সেয়াও সঘনাই সোধা হয় গুগুলক।

) মহিলা এগৰাকী যৌন সম্পৰ্কত সুখী হয় নে নহয় সেয়া কেনেকৈ বুজিব পাৰি সেই বিষয়েও বহুতে জানিব বিচাৰে। মহিলাক কেনেকৈ চৰম সুখ দিব পাৰি সেই বিষয়েও বহুতে গুগুলৰ পৰা জানিবলৈ বিচাৰে।

) বহুতে যৌন সম্পৰ্কৰ সপোন দেখে। মানুহে এই প্ৰশ্নটোৰ উত্তৰ গুগলত জানিব বিচাৰে যে সঘনাই এনে সপোন দেখাটো ভাল নে বেয়া? ই কোনো ৰোগৰ ইংগিত নেকি?

) যৌন ৰোগৰ বিষয়ে বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ কৌতুহল থাকে। কৌতুহলৰ লগতে যৌন সংক্ৰামক ৰোগৰ প্ৰতিও পুৰুষ আৰু নাৰী উভয়ৰে ভয় থাকে। বহু লোকে নিয়মিতভাৱে গুগলত যৌন সংক্ৰামক ৰোগৰ সবিশেষ জানিবলৈ সন্ধান কৰে।

) যৌন সংক্ৰমণৰ ক্ষেত্ৰত ইয়াক কেনেকৈ আৰোগ্য কৰিব পাৰি? এইটোও গুগুলত ঘনাই চাৰ্চ কৰা এটা প্ৰশ্ন।

) চৰম যৌন সুখ উপভোগ কৰাৰ বাবে লিংগৰ আকাৰ কেনেকুৱা হ’ব লাগে সেই বিষয়েও যুৱকযুৱতীসকলৰ মনত অপৰিসীম কৌতুহল দেখা যায়। বৃহৎ সংখ্যক ব্যক্তিয়ে এই কৌতুলহলো সন্ধান কৰে গুগুলত।

) যৌন সংগমৰ সময় বৃদ্ধি তথা দ্ৰুত বীৰ্যপাতৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিও পুৰুষ সকলে সঘনাই সন্ধান কৰে গুগুলত।

) গৰ্ভনিৰোধক অবিহনে যৌন সম্পৰ্কৰ পিছত গৰ্ভধাৰণৰ পৰা কেনেকৈ বাচিব পাৰি সেইটোৱেই গুগলত যৌনতা সম্পৰ্কে সৰ্বাধিক সন্ধান কৰা বিষয়।

) কিমানবাৰ সংগম কৰিলে যৌন জীৱন সুখৰ হ’ব – সঘনাই এই প্ৰশ্নৰো সন্মুখীন হয় গুগুল।

Related News