NORTHEAST NOW (Assamese)

ভাৰতীয় ক্ৰিকেট দলৰ কোন কোন ক্ৰিকেটাৰে অসমৰ বানপৰিস্থিতিক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিলে চাও আহক

July 19, 2019 5:10 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমৰ ভয়াবহ বানপানীৰ সময়ত অসমবাসীৰ লগতে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে সহায়ৰ হাত  আগবঢ়োৱাৰ লগতে ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে বানপৰিস্থিতি সম্বন্ধে চিন্তা ব্যক্ত কৰি অসমক সহায়ৰ বাবে অনুৰোধ কৰিছে।

ৰাজনীতি, বলীউদ জগতৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকী বৰ্তমানৰ আৰু প্ৰাক্তন তাৰকা ক্ৰিকেটাৰে অসমৰ বানপানী সম্বন্ধে ছ’চিয়েল মিডিয়াত চিন্তা ব্যক্ত কৰি নিজৰ মত প্ৰকাশ কৰিছে।

অসমৰ বান পৰিস্থিতিক লৈ ছ’চিয়েল মিডিয়াত সহায়ৰ বাবে আহ্বান কৰা কেইগৰাকীমান ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ হ’ল-

ৰোহিত শৰ্মা : ভাৰতীয় ক্ৰিকেট দলৰ সহঃ অধিনায়ক ৰোহিত শৰ্মাই অসমৰ বানপানীৰ ফলত কাজিৰঙাৰ জীৱ-জন্তুবোৰক লৈ চিন্তা ব্যক্ত কৰি নিজৰ টুইটাৰ একাউণ্ট যোগে টুইট কৰি ৰাইজলৈ জীৱ-জন্তুবোৰক সুৰক্ষা প্ৰদান কৰাৰ বাবে অনুৰোধ কৰিছিল।

বিৰাট কোহলী : ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে অসমৰ বান পৰিস্থিতিৰ প্ৰতি দুখ ব্যক্ত কৰি বন্যাক্ৰান্ত সকলৰ মংগলৰ প্ৰতি তেওঁ প্ৰাৰ্থনা কৰে বুলি টুইটাৰত প্ৰকাশ কৰিছে।

বীৰেন্দাৰ ছেহৱাগ : ভাৰতীয় দলৰ প্ৰাক্তন মাৰ মুখী অপেনাৰ বীৰেন্দাৰ ছেহৱাগেও টুইটাৰ যোগে অসম, ত্ৰিপুৰা, বিহাৰৰ বানপৰিস্থিক লৈ চিন্তা ব্যক্ত কৰি ৰাজ্যকেইখনৰ সৈতে একেলগে থিয় হ’বৰ বাবে সকলোকে আহ্বান জনায়।

হৰভজন সিং : ভাৰতীয় দলৰ প্ৰাক্তন অফ স্পীনাৰ হৰভজন সিঙেও অসম, বিহাৰ আদি ৰাজ্যৰ বান পৰিস্থিকলৈ চিন্তা ব্যক্ত কৰি সকলোকে যেনেকে পাৰে ৰাজ্যকেইখনলৈ সহায় কৰাৰ বাবে আহ্বান জনায়।

কে এল ৰাহুল : ভাৰতীয় দলৰ আন এগৰাকী অপেনাৰ কে এল ৰাহুলেও অসমৰ বানপানী সম্বন্ধে নিজৰ টুইটাৰত প্ৰকাশ কৰে।

Related News