• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবন্ধীক উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 19, 2019 5:33 pm
15-05-19-Guwahati-Siddhartha-Bhattacharya-press-conference-4 (1)

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসম চৰকাৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় ‘প্ৰতিবন্ধী হোৱাৰ বাবে উচ্চ শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হ’ব নেকি দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী? তেওঁলোক শিক্ষাবিভাগৰ বাবে আৱৰ্জনা নেকি?’

Apply Now

ইয়াৰোপৰি, সংস্থাই দীৰ্ঘদিনৰ পৰা কৰি অহা দাবীৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই গুৱাহাটীৰ লটাকটাস্থিত দৃষ্টিহীন বিদ্যালখনক উচ্চতৰ মাধ্যমিক পৰ্য্যায়লৈ উন্নীত কৰাৰ বাবে চেষ্টা চলোৱাৰ লগতে বিদ্যালয়খনক উন্নীত কৰিব বুলি ঘোষণা কৰিছিল বুলি সংবাদমেলত মালাকাৰে উল্লেখ কৰে। আনকি যোৱা ৪ মে’ত শিক্ষা বিভাগৰ উচ্চ স্তৰৰ বিষয়াসসকলৰ উপস্থিতিত বৈঠক অনুষ্ঠিত কৰি চলিত বৰ্ষৰ পৰাই উচ্চতৰ মাধ্যমিক শাখাত পাঠদান আৰম্ভ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলিও তেওঁ কয়।

‘কিন্তু পৰিতাপৰ বিষয় সম্পূৰ্ণ দুমাহৰ পাছত যোৱা ১৫ জুলাইৰ দিনা শিক্ষা মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে শিক্ষা বিভাগৰ যুটীয়া আয়ুক্তই মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকলৈ এক পত্ৰ প্ৰেৰণ কৰে। য’ত স্পষ্টকৈ উল্লেখ আছিল যে বিদ্যালয়খন উন্নীতকৰণৰ ক্ষেত্ৰত কোনো কাৰণতে বিদ্যালয়খনত শিক্ষক নিযুক্তিকে ধৰি অন্য কোনো দায়িত্বই শিক্ষা বিভাগে গ্ৰহণ নকৰে’। সংবাদমেলত মালাকাৰে এইদৰে কয়।

আনহাতে, যদিও বিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী আৰম্ভ কৰাৰ বাবে সমাজ কল্যাণ বিভাগে শিক্ষক-কৰ্মচাৰীক নিযুক্তি দিয়ে, সেইসমূহ শিক্ষক-কৰ্মচাৰীয়ে কেতিয়াও শিক্ষা বিভাগৰ অধীনত কোনো কাৰণতে নিয়মীয়াকৰণৰ বাবে দাবী কৰিব নোৱাৰিব বুলিও স্পষ্টকৈ উল্লেখ আছে পত্ৰখনত।

উক্ত সংবাদমেলতে শিক্ষা বিভাগৰ প্ৰতি ক্ষোভ উজাৰি মালাকাৰে কয় ‘এই নিৰ্দেশ বাতিল হ’বই লাগিব। এই নিৰ্দেশ বাতিল কৰি শিক্ষা বিভাগৰ অধীনতে বিদ্যালয়খনক উন্নীত কৰাৰ বাবে আমি দাবী জনাইছো। অনথ্যা আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ম’।

আজি পৰ্য্যন্ত সমগ্ৰ উত্তৰ-পূবত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰাকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই বুলি উল্লেখ কৰি মালাকৰে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীয়ে লোৱা প্ৰচেষ্টাক শিক্ষা বিভাগে সহযোগ কৰিলেহে ‘সবকা সাথ সবকা বিকাশ’ নীতি সম্ভৱ হৈ উঠিব বুলি মত প্ৰকাশ কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd