NORTHEAST NOW (Assamese)

বিহুৰ সুযোগ লৈ গোলাঘাটৰ বিপিন ফুকন নগৰত চোৰৰ চাফাই অভিযান

April 19, 2021 10:11 am · মীনাক্ষী ফুকন

বিহুৰ বতৰত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গোলাঘাটৰ বিপিন ফুকন নগৰত চোৰে চলালে চাফাই অভিযান।

কালি নিশা বিপিন ফুকন নগৰৰ পংকজ ফুকনৰ বাসগৃহত চোৰে চুৰি কৰি নিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ সংঘটিত কৰিলে এই চুৰিকাণ্ড।

জানিব পৰা মতে বিহু উপলক্ষে শনিবাৰে পৰিয়ালসহ ডিব্ৰুগড়লৈ গৈছিল পংকজ ফুকন।

দেওবাৰে ঘৰলৈ ঘুৰি আহি দুৱাৰৰ তলা ভাঙি থকা অৱস্থাত দেখে পৰিয়ালে।

ঘৰুৱা আচবাব লণ্ড-ভণ্ড কৰি সোনৰ আ-অলংকাৰ, মুল্যবান সামগ্ৰী লুটি নিয়ে চোৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related News