• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বংগত বিশাল নিৰ্বাচনী ৰেলী কৰি ফুৰা অমিত শ্বাহে ক’লে, ‘কুম্ভমেলা, ৰমজানত কোভিড বিধি উলংঘন হৈছে’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2021 9:07 am
index.jpgm
419
VIEWS
Share on FacebookShare on Twitter

দেওবাৰলৈকে পশ্চিমবংগত হাজাৰ হাজাৰ জনতাক সমবেত কৰি নিৰ্বাচনী ৰেলী কৰি ফুৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দিল্লীৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ ক’লে কুম্ভমেলা আৰু ৰমজানত কোভিডৰ আদৰ্শ আচৰণ বিধি মানি চলা হোৱা নাই।

কেন্দ্ৰীয় গৃহ  মন্ত্ৰীগৰাকীয়ে এক ব্যক্তিগত চেনেলক দিয়া সাক্ষাৎকাৰত কয় যে কুম্ভ হওক বা ৰমজানেই হওক কোভিড বিধি সঠিকভাৱে মানি চলা হোৱা নাই।

কোভিডৰ প্ৰাথমিক ঢৌৰ মোকাবিলা কৰাৰ পিছত কেন্দ্ৰই আত্মতুষ্টিত ভোগা বুলি কৰা অভিযোগো অস্বীকাৰ কৰিছে গৃহ মন্ত্ৰী অমিত শ্বাহে।

ইফালে চৰকাৰে আত্মতুষ্টিত ভোগাৰ বাবেই বৰ্তমান ঔষধ আৰু অক্সিজেন চিলিণ্ডাৰৰ অভাৱ হোৱা বুলি উঠা অভিযোগো খণ্ডন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

“দ্বিতীয় ঢৌ বা তৃতীয় ঢৌ নহওক কিয়, প্ৰতিটো নতুন ঢৌৰ সংক্ৰমণৰ হাৰ দুগুণতকৈ কম নহয়। ভাইৰাছটো সম্পূৰ্ণ নতুন আৰু ই দ্ৰুতগতিত বিয়পে। অৱশ্যে দ্ৰুতভাৱে বিয়পিলেও ই যথেষ্ট কম মাৰাত্মক।” গৃহ মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয়, “এই মুহূৰ্তত ভাইৰাছটো যি গতিত বিয়পি আছে সেয়া প্ৰকৃততে সমস্যাজনক। অৱশ্যে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি মহামাৰী বিধৰ দ্বিতীয় ঢৌতো পৰাস্ত কৰি জয়ী হ’বলৈ গৈ আছো।”

লকডাউনৰ সন্দৰ্ভত অমিত শ্বাহে কয়, এইক্ষেত্ৰত ৰাজ্যসমূহক নিজ নিজ সিদ্ধান্ত ল’বলৈ অনুমতি দিয়া হৈছে। অন্তিম তিনি মাহৰ বাবে ৰাজ্যসমূহে কোভিড পৰিস্থিতি মূল্যাংকন কৰি পালন কৰিবলগীয়া নিৰ্দেশনাসমূহ বলৱৎ কৰিব পাৰিব বুলিও গৃহ মন্ত্ৰীগৰাকীয়ে কয়।

ইফালে কুম্ভমেলা আৰু ৰমজানত কোভিড আচৰণ বিধি উলংঘন হোৱা বুলি মন্তব্য কৰা গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ৰেলীসমূহ মাৰাথান গতিত অনুষ্ঠিত কৰি আহিছে।

তেনে অৱস্থাত প্ৰশ্ন উদয় হৈছে, ক্ষমতাৰ খকত হাজাৰ হাজাৰ জনতাৰ জীৱন-মৃত্যুক পৰোৱা নকৰি কোভিডৰ আদৰ্শ আচৰণ বিধি উলংঘা কৰি বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কুম্ভমেলা অথবা ৰমজানত গৃহমন্ত্ৰী অমিত শ্বাহে কোভিড আচৰণ বিধি সঠিকভাৱে পালন কৰা হোৱা নাই বুলি কোৱাৰ নৈতিক অধিকাৰ আছে নে?

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd