চোৰৰ আজৱ কায়দা! ১০ ফুট সুৰংগ খান্দি বেংকৰ পৰা লুটিলে কোটি টকাৰ সোণ
চুৰিকাৰ্য সংঘটিত কৰাৰ বাবে চোৰে নানা কৌশলী কায়দা অৱলম্বন কৰে। উত্তৰ প্ৰদেশৰ কানপুৰতো এনে এক কৌশলী পন্থাৰে চোৰে সিন্ধি দিলে এটা বেংকত, লুটি নিলে কোটি টকা মূল্যৰ সোণ। এই চুৰিকাৰ্য ৰূপায়িত কৰিবলৈ চোৰে খান্দি লৈছিল ১০ ফুট দৈৰ্ঘ্যৰ সুৰংগ আৰু এই সুৰংগৰে বেংকৰ ভল্টত প্ৰৱেশ কৰি লকাৰৰ পৰা সোণ লুটি নিয়ে।
ভাৰতীয় ষ্টেট বেংকৰ ভানুটি শাখাৰ গাতে লাগি থকা এক খালী প্লটৰ পৰা চোৰে এই চাৰি ফুট বহল সুৰংগটো খান্দি উলিয়াইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অৱশ্যে চোৰে সোণ থকা লকাৰটো খুলিবলৈ সক্ষম হ’লেও নগদ ধন সুমুৱাই ৰখা লকাৰ খুলিব নোৱাৰাত জমা থকা ৩২ লাখ টকা ৰক্ষা পৰে।
এই চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত বেংকৰ বিষয়াসকলে চুৰি হোৱা সোণৰ হিচাপ নিৰ্ধাৰণ কৰিবলৈ কেইবা ঘণ্টাও সময় লয়। অৱশেষত হিচাপ-নিকাচৰ অন্তত তেওঁলোকে ১.৮ কিলোগ্ৰামতকৈ অধিক ওজনৰ প্ৰায় ১ কোটি টকা মূল্যৰ সোণ চুৰি হয় বুলি জানিবলৈ দিয়ে।
আৰক্ষীয়ে চুৰিকাৰ্যৰ পৰ্যবেক্ষণ কৰাৰ পিছত চোৰে অঞ্চলটো কেইবাদিন ধৰি ভল্ট এলেকাকে ধৰি বেংক ভৱনৰ সম্পূৰ্ণ পৰিৱেশ নিৰীক্ষণ কৰি থকা বুলি সন্দেহ কৰিছে। স্থানীয় এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, আজি পুৱা বেংকৰ বিষয়াসকলে চুৰিৰ বিষয়ে জানিব পাৰে।
লগে লগে বেংকৰ বিষয়াসকলে বিচাৰ-খোচাৰ কৰে আৰু চোৰে খন্দা সুৰংগটো উদ্ধাৰ কৰে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে স্নিফাৰ ডগসহ আৰক্ষীৰ এটা দলৰ লগতে ফৰেনছিক বিশেষজ্ঞ বেংকত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনাৰ তদন্তৰ বাবে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত কেইবাটাও দল গঠন কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।