DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 6:46 am
Thieves steal mobile tower
121
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতেই চোৰে চুৰিকাৰ্য ৰূপায়িত কৰিবলৈ নানা কৌশলী চক্ৰান্ত ৰচনা কৰে। সময়ে সময়ে চুৰিৰ বাবে চোৰে গ্ৰহণ কৰা এনে কিছু অভিনৱ কৌশলে ব্যাপক চৰ্চা লাভ কৰে। বিহাৰৰ পাটনাত শেহতীয়াকৈ সংঘটিত হোৱা এক চুৰিকাণ্ড ৰূপায়িত কৰিবলৈ চোৰে গ্ৰহণ কৰা কৌশলী পৰিকল্পনাই হতভম্ব কৰি তুলিছে সকলোকে।

পাটনাত এদল কৌশলী চোৰে এটা মোবাইল সেৱা কোম্পানীৰ বিষয়াৰ ৰূপ লৈ চুৰি কৰি লৈ যায় ১৯ লাখ টকাৰ এটা মোবাইল টাৱাৰ। চুৰি হোৱা এই টাৱাৰটো গুজৰাট টেলি লিংক প্ৰাইভেট লিমিটেড (জিটিপিএল) কোম্পানীৰ মালিকানাধীন আছিল।

কোম্পানীটোৱে পাটনাৰ গৰ্ডানীবাগ অঞ্চলৰ য়াৰপুৰ ৰাজপুটানা কলনীৰ আবাসী লালন সিং নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত প্ৰায় ১৫ বছৰ পূৰ্বে এই টাৱাৰটো স্থাপন কৰিছিল।

লালন সিঙে জানিবলৈ দিয়া মতে, মোবাইল কোম্পানীটোৰ বিষয়াৰ ৰূপ লৈ এদল লোকে তেওঁৰ ওচৰলৈ আহি কয় যে কোম্পানীটোৱে বৃহৎ লোকচানত ভুগিছে, গতিকে তেওঁলোকে মোবাইল টাৱাৰটো আঁতৰোৱাৰ পৰিকল্পনা কৰিছিল।

দলটোৰ এই কথাত ভোল গৈ লালন সিঙে তেওঁলোকৰ পৰিচয় পৰীক্ষা নকৰাকৈয়ে টাৱাৰটো আঁতৰোৱাৰ বাবে লালন সিঙে সন্মতি প্ৰদান কৰে।

ইয়াৰ পিছতে ২৫ জন লোকে তিনিদিন ধৰি দিনে-নিশাই কাম কৰি গেছ কাটাৰ মেচিন ব্যৱহাৰ কৰি মোবাইল টাৱাৰটো টুকুৰা টুকুৰ কৰি কাটি পেলায় আৰু অৱশেষত টুকুৰাবোৰ ট্ৰাক এখনত ভৰাই আঁতৰি যায়।

ইফালে মোবাইল সেৱা প্ৰদানকাৰী জিটিপিএল কোম্পানীটো শনিবাৰলৈকে এই চুৰিৰ বিষয়ে অৱগত নাছিল। কোম্পানীটোৰ বিষয়াসকলে বন্ধ হৈ থকা মোবাইল টাৱাৰসমূহ পৰিদৰ্শন কৰাৰ সময়তহে গৰ্ডানীবাগৰ মোবাইল টাৱাৰটো নোহোৱা হোৱা বুলি জানিব পাৰে।

এই আশ্চৰ্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে বিষয়টোৰ ওপৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে চুৰি হোৱা মোবাইল টাৱাৰটোৰ মূল্য আছিল প্ৰায় ১৯ লাখ টকা।

উল্লেখ্য যে কিছু মাহ পূৰ্বে বিহাৰৰে সাছাৰাম জিলাত ৫০০ টন ওজনৰ ৬০ ফুট দৈৰ্ঘ্যৰ এখন লোহাৰ দলং জলসম্পদ বিভাগৰ বিষয়াৰ ৰূপ ধৰি একাংশ লোকে চুৰি কৰি লৈ গৈছিল।

এতিয়া অনুৰূপ কৌশলেৰে পাটনাৰ পৰা মোবাইল টাৱাৰটো চুৰি কৰাৰ আঁৰত সেই একেটা চোৰ চক্ৰই জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd