NORTHEAST NOW (Assamese)

অন্তৰ্ধান গান্ধী মণ্ডপৰ তৃতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা : চৰকাৰৰ চমক সৃষ্টিৰ প্ৰয়াস পৰিণত হৈছে লজ্জাত

December 19, 2018 10:11 am · এন ই নাও নিউজ
Updated: December 19, 2018 10:14 am
আজি পুৱা গান্ধী মণ্ডপত দেখা গ'ল পতাকাবিহীন শূন্য দণ্ডডাল।

গুৱাহাটীৰ শৰণীয়া পাহাৰত থকা গান্ধী মণ্ডপত এইবছৰৰ অক্টোবৰত চৰকাৰে উত্তোলন কৰা দেশৰ ভিতৰতে তৃতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকাখন আজি যোৱা নিশা অন্তৰ্ধান হয়।

স্থাপন কৰাৰ ৩ মাহৰ ভিতৰতে এতিয়ালৈকে কেইবাবাৰো পতাকাখনৰ হানি-বিঘিনি হোৱা দেখা গৈছে। ফলত চমক সৃষ্টিৰ প্ৰয়াসেৰে অভিলেখ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন স্থাপন কৰিছিল যদিও ই বিড়ম্বনাৰ সৃষ্টি কৰিছে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ বাবে। এখন ৰাষ্ট্ৰীয় পতাকাকে সুৰক্ষা দিব নোৱৰা চৰকাৰৰ সক্ষমতাক লৈও প্ৰশ্ন উঠিছে চাৰিওফালৰ পৰা।

আনহাতে গান্ধী মণ্ডপৰ স্থানীয় লোকসকলেও এই কাণ্ডক লৈ লজ্জা অনুভৱ কৰা বুলি জানিবলৈ দিয়ে নৰ্থ-ইষ্ট নাওক। “আমি এইদৰে বাৰে বাৰে পতাকাখনৰ হানি-বিঘিনি হোৱাটোত অত্যন্ত দুখ পাইছো। আৰু এইবাৰ সম্পূৰ্ণ অন্তৰ্ধান হ’ল পতাকাখন। আমি লজ্জিত। চৰকাৰে ৰাষ্ট্ৰীয় পতাকা এখনক সুৰক্ষা দিব নোৱৰাটো লাজৰ কথা।” কাব্যজ্যোতি বৰা নামৰ এজন স্থানীয় লোকে

উল্লেখযোগ্য যে ৩১৯.৫ ফুট ওখ আৰু ১২০×৮০ ফুট পৰিসৰৰ পতাকাখনৰ ইয়াৰ পূৰ্বে তিনিবাৰকৈ হানি-বিঘিনি ঘটিছিল। যোৱা ৬ নৱেম্বৰৰ নিশা পতাকাখন খহি পৰিছিল কোনো ধুমুহা নহা সত্তেও।

আনহাতে সৰ্বাধিক প্ৰতিৰোধী পলি-মেটেৰিয়েল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা বুলি চৰকাৰে কোৱাৰ পিছতো পতাকাখন সামান্য বতাহতে দুবাৰকৈ ফাটিছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে দেশখনৰ তৃতীয় সৰ্বোচ্চ পতাকাখন গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত টাটা কনছালটেন্সি ইঞ্জিনিয়াৰছ লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছিল।

যোৱা অক্টোবৰ মাহত মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মদিন উপলক্ষে মুখ্য মন্ত্ৰী সোণোৱালে এই পতাকাখন উত্তোলন কৰি ইয়াক দেশৰ প্ৰতি উৎসৰ্গ কৰিছিল।

কিন্তু দেশৰ মান-মৰ্য্যাদা, গৌৰৱৰ থল ত্ৰিৰংগা পতাকাখনক যথাযথ সুৰক্ষা দিব নোৱৰাটো মুখ্য মন্ত্ৰী সোণোৱালৰ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বাবে এটা লজ্জা স্বৰূপ হৈ পৰিছে।

Related News