• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজনৈতিক ভৱিষ্যৎবাণী সোণোৱালৰ : লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ ২৫খন আসনেই পাব বিজেপিয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2018 10:42 am

2 min read

Sarbananda_Sonowal Assam submitted recommendation to Centre on framing CAA rules: Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

986
VIEWS
Share on FacebookShare on Twitter

‘উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ পৰা কংগ্ৰেছমুক্ত কৰাই আছিল আমাৰ লক্ষ্য। মিজোৰামত কংগ্ৰেছ পৰাজয় হোৱাৰ লগে লগে আমাৰ লক্ষ্য বাস্তৱত পৰিণত হ’ল আৰু উত্তৰ-পূব কংগ্ৰেছমুক্ত হ’ল। ১৯’ৰ সাধাৰণ নিৰ্বাচনত উত্তৰ-পূবৰ ২৫খন আসনেই এতিয়া বিজেপিৰ দখলত আহিব’। আগৰতলাত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত এই মন্তব্য কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অলপতে অনুষ্ঠিত হৈ যোৱা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে বেয়াকৈ মুখথেকেচা খোৱা প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত সোণোৱালে কয়, ‘সুশাসন, উন্নয়নৰ স্বাৰ্থত জনসাধাৰণে পুনৰ বিজেপিক ভোট দিব আৰু নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হ’ব। এই ক্ষেত্ৰত কোনো সন্দেহ নাই’।

উল্লেখযোগ্য যে ৰাফেল চুক্তি সন্দৰ্ভত বিজেপিয়ে বৃহৎ কেলেংকাৰি সংঘটিত কৰা বুলি দীৰ্ঘদিনৰে পৰা কংগ্ৰেছে দাবী কৰি আহিছিল যদিও উচ্চতম ন্যায়ালয়ে ৰাফেল চুক্তিত কোনো ধৰণৰ কেলেংকাৰি হোৱা নাই বুলি দিয়া ৰায়ক মুখ্য মন্ত্ৰী সোণোৱালে আদৰণি জনায়।

সোণোৱালে এই প্ৰসংগত কয় যে ৰাফেল চুক্তিক লৈ ইমানদিনে কংগ্ৰেছে যি দাবী কৰি আহিছিল সেয়া মিথ্যাচাৰ বুলি প্ৰমাণিত হ’ল। সেয়ে এতিয়া সমগ্ৰ দেশবাসীৰ ওচৰত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ক্ষমা খোজাৰ লগতে কি উৎসৰ পৰা এই তথ্য লাভ কৰিছিল সেই বিষয়ে ৰাজহুৱা কৰাৰো দাবী জনায়।

ৰাফেল চুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক সন্মাই জনাই বিজেপিয়ে দেশৰ ৭০খন চহৰত সংবাদমেলৰ আয়োজন কৰিছে। ইমানদিনে কংগ্ৰেছে ৰাফেল সন্দৰ্ভত দেশৰ জনসাধাৰণক যে বিপথে পৰিচালিত কৰি আছিল সেই বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশত আয়োজন কৰা সংবাদমেলৰ অংশ হিচাপে অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে ১৮ ডিচেম্বৰত আগৰতলাত সংবাদমেল সম্বোধন কৰে।

সৰ্বানন্দ সোণোৱালৰ সংবাদমেলৰ পৰা এটা প্ৰশ্নৰ উদয় হয় যে যদিহে উত্তৰ-পূবৰ পৰা বিজেপিয়ে গোটেইকেইখন আসন লাভ কৰে তেন্তে কি কাৰণত বিজেপিয়ে অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যত অন্য দলৰ সৈতে মিত্ৰতাত আছে। ইয়াৰ উপৰি হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা ‘নেডা’ৰ তাৎপৰ্য নাথাকিব নেকি তাক লৈও ৰাজনৈতিক মহলত এতিয়া চৰ্চিত হৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd