৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰতে দেশত আৰম্ভ হ’ব কোভিডৰ তৃতীয় ঢৌ: এইমছৰ মুৰব্বী গুলেৰিয়া

guleria-1624090230

কোভিডৰ দ্বিতীয়টো ঢৌৱে কাবু কৰা ভাৰতবৰ্ষত মাৰাত্মক ৰোগ বিধৰ তৃতীয়টো ঢৌ আহিবলৈ আৰু বেছি দিন নাই।৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰতে দেশত আৰম্ভ হৈ যাব কোভিডৰ তৃতীয়টো ঢৌ। এই ভয়াৱহ তথ্য দিছে নতুন দিল্লীৰ এইমছৰ মুৰব্বী ডাঃৰমদীপ গুলেৰিয়াই।

গুলেৰিয়াই কয় যে দেশৰ গৰিষ্ঠসংখ্যক লোকক ভেকচিন প্ৰদান কৰাটো এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে। কোভিশ্বিল্ড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত মাজত ৰখা ব্যৱধানে বহুতকে ৰোগ বিধৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে।

ঠায়ে ঠায়ে লকডাউন খুলি দিয়াৰ লগে লগে কোভিড সংক্ৰমণৰ আশংকা অধিক বৃদ্ধি পাব বুলি মন্তব্য কৰি গুলেৰিয়াই কয় যে দেশত ৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰত কোভিডৰ তৃতীয় ঢৌ অহাটো নিশ্চিত।

ক’ৰ’না ভাইৰাছে সততে ইয়াৰ চৰিত্ৰ সলনি কৰিছে বুলি মন্তব্য কৰি গুলেৰিয়াই কয় যে ইয়াৰ বাবে দেশেও কোভিডক ৰূধিবলৈ নতুন ভাবে প্ৰস্তুত হ’ব লাগিব।উল্লেখ্য অতিমাৰী কোভিডৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে ভাৰত।

কোভিডে যে কেৱল দেশৰ স্বাস্ত্য খণ্ডতে প্ৰভাৱ পেলাইছে তেনে নহয়, কোভিডৰ প্ৰভাৱ দেশৰ শিক্ষা, বাণিজ্য আদি সকলো ক্ষেত্ৰতে পৰিছে।

দেশত বৰ্তমান কোভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰ চলি আছে। কোভিডৰ তৃতীয়টো ঢৌৱে দেশত আন এক সংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰি আহিছে।

এনে সময়তে বিশেষজ্ঞৰ এটা দলে চলিত বৰ্ষৰ অক্টোৱৰ মাহৰ ভিতৰতে দেশক কোভিডৰ তৃতীয়টো ঢৌৱে জোকাৰি যাব বুলি সাৱধানবাণী শুনাইছে। ৰয়টাৰৰ পল অব মেডিকেল এক্সপাৰ্টৰ সমীক্ষাত এই কথা প্ৰকাশ পাইছে।

স্বাস্থ্য খণ্ডৰ কৰ্মী, চিকিৎসক, ভাইৰ’ল’জিষ্ট,মহামাৰী বিশেষজ্ঞ, অধ্যাপক আদিকে ধৰি মুঠ ৪০ গৰাকী বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিকলৈ চলোৱা সমীক্ষা মতে কোভিডৰ তৃতীয়টো ঢৌৰ বাবে ভাৰত সাজু হ’বৰ হৈছে।

বিশেষজ্ঞসকলে এইবুলি কৈছে যে কোভিডৰ ভেকচিনে ৰোগবিধক কিছু পৰিমাণে বাধা দিবলৈ সক্ষম হৈছে যদিও ভাৰতত কোভিডৰ তৃতীয়টো ঢৌ অহাৰ আশংকা নুই কৰিব নোৱাৰি। অক্টোৱৰ মাহৰ ভিতৰতে ভাৰতত কোভিডৰ তৃতীয়টো ঢৌ আহিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে।

তেওঁলোকে চলোৱা সমীক্ষাত ৮৫ শতাংশ বিভিন্ন ক্ষেত্ৰৰ লোকেই অক্টোৱৰ মাহৰ ভিতৰত কোভিডৰ তৃতীয়টো ঢৌ অহাৰ আশংকা ব্যক্ত কৰিছে।অৱশ্যে কোভিডৰ বাকী দুটা ঢৌতকৈ তৃতীয় ঢৌৱে বেছি সংহাৰৰ সৃষ্টি কৰাৰ আশংকা কম বুলি প্ৰকাশ কৰিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।