DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৬ জুলাইৰ পৰা বিশ্বনাথ জিলাত কেঁচা চাহপাত লোৱা বন্ধ কৰাৰ সিদ্ধান্ত ১৩ টাকৈ ফেক্টৰীৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 25, 2021 11:15 am
IMG20210724195207

ফটো: নৰ্থইষ্ট নাও।

306
VIEWS
Share on FacebookShare on Twitter

অহা ২৬ জুলাইৰ পৰা বিশ্বনাথ জিলাৰ ১৩  টাকৈ বটলিফ ফেক্টৰী অনিদিষ্ট কালৰ বাবে বন্ধ থাকিব। আজি এই কথা এক সংবাদমেল যোগে জানিবলৈ দিছে বিশ্বনাথ জিলা বটলীফ টি প্ৰডিউচাৰ  সন্থাই।

উল্লেখ্য যে কালি বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সভাত ক্ষুদ্ৰ চাহ খেতিয়ক সকলক যিদৰে টী-বোৰ্ডে কেঁচাপাতৰ মূল্য নিৰ্ধাৰণ কৰিছে  ঠিক অনুৰূপ ধৰণে টী-বোৰ্ডে  বটলিফ ফেক্টৰী সমূহৰ উৎপাদিত চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰাৰ দাবীতেই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

বটলিফ ফেক্টৰী সমূহৰ ন্যায্য দাম প্ৰাপ্তিৰ অবিহনে বিশ্বনাথ জিলাৰ ১৩ টাকৈ চাহ ফেক্টৰী সোমবাৰৰ পৰা বন্ধ ৰখাৰ সিদ্ধান্তৰ কথা বটলিফ ফেক্টৰীসমূহে সংবাদমেলত জানিবলৈ দিয়ে।

তাৎপৰ্যপূৰ্ণভাৱে কালি বিশ্বনাথ জিলা উপযুক্তৰ কাৰ্যালয়ত ভাৰতী চাহ বোৰ্ডৰ  বিষয়ববীয়াৰ লগতে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি সম্পাদকৰ উপস্থিতিত এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।

উক্ত বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কেঁচা চাহপাতৰ নূন্যতম মূল্য  জিলা উপাযুক্তই ২৮ টকা ৭২ পইচা নিৰ্ধাৰণ কৰিবলৈ ভাৰতীয় চাহ বোৰ্ডৰ বিষয়ববীয়াক এক নিৰ্দেশ প্ৰদান কৰাৰ লগতে এই নিৰ্দেশ পালন নকৰা ফেক্টৰীসমূহৰ অনুজ্ঞাপত্র বাতিল কৰাৰ এক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল।

এই নিৰ্দেশনাৰ কথা উল্লেখ কৰি আজি বিশ্বনাথ জিলা বটলিফ ফেক্টৰী সমূহৰ স্বত্বাধিকাৰ সকলে সংবাদমেল যোগে দাবী জনায় যে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক যিদৰে টী বোৰ্ডে কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰিছে, ঠিক একেদৰে টী বোৰ্ডে  বটলিফ ফেক্টৰী সমূহৰ উৎপাদিত চাহৰ মূল্যও নিৰ্ধাৰণ কৰক।

বটলিফ ফেক্টৰীৰ সংশ্লিষ্ট পক্ষই আনকি ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কলঘৰে যদি টী বোৰ্ডে বান্ধি দিয়া মূল্যত পাত ক্ৰয় কৰিবলৈ বাধ্য কৰোৱা হয় তেন্তে এই ফেক্টৰীসমূহে ক্ৰয় কৰা পাতৰে উৎপাদিত চাহৰ প্ৰতি কেজি চাহপাতত ৪০/৫০ টকা লোকচানৰ সন্মূখীন হ’ব বুলিও সাংবাদিকক অৱগত কৰে।

আনহাতে, এই বটলিফ ফেক্টৰী সমূহ নিৰ্মাণ কৰা কালত ফেক্টৰীৰ স্বত্বাধিকাৰসকলে বহু কোটি টকাৰ ধাৰৰ বোজা লৈ থৈছে।

তেনেস্থলত যদি টী বোৰ্ডে কালি নিৰ্ধাৰণ কৰি দিয়া মূল্য ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰদান কৰিব লাগে, তেনেহলে বেংকৰ ধাৰ পৰিশোধ কৰা দূৰৰ কথা ফেক্টৰী বন্ধ কৰাৰ বাহিৰে হাতত কোনো ধৰণৰ বিকল্প নাথাকিব বুলিও বটলিফ ফেক্টৰী কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে।

সেয়ে এই ক্ষেত্ৰত উচিত মীমাংসা নোহোৱা পৰ্যন্ত অহা সোমবাৰৰ পৰা বিশ্বনাথ জিলাৰ বটলিফ ফেক্টৰীসমূহে কেঁচা চাহপাত লোৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ঘোষণা কৰে সন্থাটোৱে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd