• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাৰী নিৰ্যাতনৰ বিৰোধিতাৰে ভীষ্ম প্ৰতিজ্ঞা: ২২ বছৰে গা ধোৱা নাই ৰামে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2022 9:48 pm
Dharamdev Ram
147
VIEWS
Share on FacebookShare on Twitter

আপুনি হয়তো এদিন দুদিন অথবা এসপ্তাহলৈকে গা নুধুৱাকৈ থাকি পাইছে। কিন্তু আজি এনে এজন মানুহৰ বিষয়ে ক’বলৈ লোৱা হৈছে, যিয়ে ২২ বছৰ ধৰি গা ধোৱা নাই। গা নুধুৱাৰ ফলত তেওঁ চাকৰিৰ পৰাও খেদা খাইছে। নাম তেওঁৰ ধৰ্মদেৱ ৰাম। ঘৰ বিহাৰৰ বৈকুণ্ঠপুৰ গাঁৱত।

কিন্তু ধৰ্মদেৱে গা ধোৱা নাই কিয়? ইয়াৰ কাৰণ হৈছে তেওঁ এটা প্ৰতিজ্ঞা পালন কৰি আহিছে। ভীষ্ম প্ৰতিজ্ঞা বুলিব পাৰি ইয়াক। প্ৰতিজ্ঞাটো হৈছে যিমান দিনলৈকে মহিলাৰ ওপৰত অত্যাচাৰ নকমে, সিমানদিনলৈকে শৰীৰত এটোপালো পানী নেপেলায়।

কেৱল সেয়াই নহয়, যেতিয়ালৈকে নিৰীহ পশু-পক্ষী হত্যা আৰু মাটি বাৰীৰ বিবাদ বন্ধ নহয়, সিমানদিনলৈকে ধৰ্মদেৱে গা নোধোৱে। ধৰ্মদেৱৰ এই মহান প্ৰতিজ্ঞাই সকলোকে অবাক কৰি তুলিছে। গা নুধুৱাৰ ফলত সাধাৰণতে আপোনাৰ মোৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কিন্তু ধৰ্মদেৱৰ প্ৰতিবেশীসকলে ইয়াৰ উলোটা ভাষ্যহে প্ৰদান কৰিছে।

তেওঁলোকে জনোৱা মতে, দুটাকৈ দশক গা নুধুৱাৰ পাছতো ধৰ্মদেৱ সম্পূৰ্ণ সুস্থ হৈ আছে। গা নুধুৱাৰ কোনো প্ৰভাৱ পৰা নাই তেওঁৰ শৰীৰত।

ধৰ্মদেৱৰ বৰ্তমান বয়স ৬২ বছৰ। ৪০ বছৰ বয়সত তেওঁ এই ভীষ্ম প্ৰতিজ্ঞা কৰিছিল। প্ৰতিজ্ঞা পালনৰ মাজতে তেওঁৰ পত্নী আৰু পুত্ৰৰ নিধন হয়। তথাপিতো তেওঁ প্ৰতিজ্ঞা পালন কৰি আহিছে। এসময়ত তেওঁ এটা কাৰখানাতো কাম কৰিছিল।

১৯৭৮ চনত বিবাহপাশত আৱদ্ধ হয়। গতানুগতিকভাৱেই সাংসাৰিক জীৱন যাপন কৰে। কিন্তু ১৯৮৭ চনত তেওঁৰ অনুভৱ হয় যে তেওঁৰ চৌপাশে সামাজিক অস্থিৰতাই দেখা দিছে। চাৰিওফালে মাটিবাৰীৰ বিবাদ, মহিলাৰ ওপৰত অত্যাচাৰ, নিৰীহ পশুৰ হত্যা- এইসমূহে চানি ধৰিছে।

ইয়াৰ ফলত ধৰ্মদেৱৰ মনতো অস্থিৰতাৰ সৃষ্টি হয়। ভাবিব ধৰে এইসমূহ অশান্তি কিদৰে কমাব পাৰে। এজন গুৰুৰ সান্নিধ্য লাভ কৰে। গুৰুজনে তেওঁক ত্যাগৰ পথ অনুসৰণ কৰিবলৈ শিকায়। তাৰপাছতে তেওঁ গা ধোৱা ত্যাগ কৰে। ধৰ্মদেৱৰ আদৰ্শ হৈছে ভগৱান ৰামচন্দ্ৰ।

গুৰুৰ শৰণাপন্ন হোৱাৰ পাছতে তেওঁ ভগৱান ৰামচন্দ্ৰক আৰাধনা কৰিবলৈ লয়। গুৰুৰ দীক্ষা লাভ কৰাৰ পাছতো তেওঁ কাৰখানাৰ চাকৰি কৰি আহিছিল। কিন্তু যেতিয়া কাৰখানা কৰ্তৃপক্ষই ধৰ্মদেৱৰ প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পালে, তৎক্ষণাৎ চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

কিন্তু কাৰখানাৰ পৰা খেদা খোৱাৰ পাছতো ধৰ্মদেৱৰ কোনো অসুবিধা হোৱা নাই। তেওঁৰ আশে পাশে গঢ় লৈ উঠিছে অনেক গুণমুগ্ধ। প্ৰতিজ্ঞাৰ ধৰণ যিয়েই নহওক, ধৰ্মদেৱৰ প্ৰতিজ্ঞাৰ উদ্দেশ্য আৰু কাৰণ সঁচাকৈয়ে অৰ্থৱহ বুলি বহুজনে ক’ব বিচাৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd