চিকিৎসা ক্ষেত্ৰখনত প্ৰৱঞ্চনা ৰোধৰ বাবে কাছাৰ জিলা আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতে, যোৱা দুদিনত আৰক্ষীয়ে আৰু দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে। ভুৱা চিকিৎসকৰ পৰিচয়েৰে চিকিৎসাৰ ব্যৱস্থা কৰিছিল বুলি অভিযোগ উঠিছে।
চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা আৰক্ষীয়ে এই অভিযান আৰম্ভ কৰিছিল। তাৰ পিছৰে পৰা আৰক্ষীয়ে কাছাৰ জিলাৰ পৰা মুঠ ১৭ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত দুজন হৈছে সুপাল ৰায় (৪১) আৰু ইন্দ্ৰজিৎ ৰায় (৩৯)। দ্বাৰবন্দ আৰক্ষী থানা এলেকাৰ ছোটোজালেংগা পাৰ্ট-২ৰ বাসিন্দা সুপাল। আৰক্ষীয়ে অভিযান চলাই ৰোজকান্দি চাহ বাগিচাত থকা নিজা ফাৰ্মাচীৰ পৰা হাতেলোটে ধৰে। অভিযোগ কৰা হৈছে যে তেওঁ তাতেই চিকিৎসা কৰিছিল।
আনহাতে, ইন্দ্ৰজিৎ পশ্চিম বংগৰ জলপাইগুৰিৰ তাটপাৰাৰ বাসিন্দা। তেওঁৰ হাতত নাই কোনো বৈধ মেডিকেল চাৰ্টিফিকেট। তাৰাপুৰৰ ‘মা আয়ুৰ্বেদ’ ক্লিনিকৰ পৰা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তাত ভিজিটিং ডাক্তৰ হিচাপে বহি ঔষধ দিছিল।
আৰক্ষীয়ে জনোৱা মতে, যোৱা দুমাহ ধৰি এই অভিযান চলাই আহিছে। তেওঁলোকে কয় যে এতিয়াও এই অভিযান অব্যাহত ৰাখিব। এই অভিযান সফল কৰিবলৈ সাধাৰণ মানুহৰ সহায় বিচাৰিছে আৰক্ষীয়ে। কাছাৰ জিলাৰ বাসিন্দাসকলৰ বাবে এটা বিশেষ নম্বৰ (৬০০২৬৯০৩৩২৯) মুকলি কৰা হৈছে।
আৰক্ষীয়ে জনাইছে যে যদি জিলাখনৰ বাসিন্দাসকলে ভুৱা চিকিৎসকৰ কোনো তথ্য পায় তেন্তে এই নম্বৰত ফোন কৰিব। এজন আৰক্ষী বিষয়াই জনোৱা মতে, জিলাখনত আৰু বহু ভুৱা চিকিৎসক থকাৰ তথ্য লাভ কৰিছে। গতিকে তেওঁলোকে এই অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিব।





