আগন্তক দীপাৱলী উপলক্ষে ৰিলায়েন্স জিঅ’য়ে আজি (১ অক্টোবৰ) ‘জিঅ’ফোন দীৱালী ২০১৯ গিফ্ট’ নামৰ এটা স্পেচিয়েল ৱান-টাইম অ’ফাৰ ঘোষণা কৰিছে।
যাৰ ফলত গ্ৰাহকসকলে দশেৰা আৰু দীপাৱলীৰ সময়ছোৱাত মাত্ৰ ৬৯৯ টকাতে জিঅ’ফোন লাভ কৰিব পাৰিব। বৰ্তমান ফোনটোৰ দাম হৈছে ১৫০০ টকা।
এই অফাৰৰ ফলত এতিয়া যিসকল লোকৰ হাতত স্মাৰ্টফোন নাই তেওঁলোকে এতিয়া এহাজাৰ টকাতকৈ কম দামতে এটা 4G সেৱা উপলব্ধ ফোন কিনিব পাৰিব।
ইয়াৰ উপৰি যিসকল গ্ৰাহকে এই অফাৰৰ জৰিয়তে জিঅফোন ক্ৰয় কৰে তেওঁলোকে জিঅ’ৰ ফালৰ পৰা ৭০০ টকাৰ ফ্ৰী ডাটা পোৱাৰ লগতে প্ৰখম ৭টা ৰিছাৰ্জত অতিৰিক্ত ৯৯ টকাৰ ডাটা লাভ কৰিব।
অৰ্থাৎ ফোনটোত ৮০০ টকা আৰু ৭০০টকাৰ ডাটাকে ধৰি প্ৰতিটো জিঅ’ফোনত প্ৰতিষ্ঠানটোৱে মূঠ ১৫০০ টকাৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে।
জিঅ’ফোনৰ স্পেচিফিকেচন সমূহ হৈছে :
২.৪ ইন্স QVGA ডিছপ্লে
এছ ডি কাৰ্ড শ্লট
বেটেৰী : ২০০০ mAh
এফ এম ৰেডিঅ’
২ MP ৰিয়েৰ কেমেৰা, ০.৩ MP ফ্ৰণ্ট কেমেৰা
১২৮ GB পৰ্যন্ত এছ ডি কাৰ্ড ছাপৰ্ট ইত্যাদি।