এই মাৰাত্মক ভাইৰাছটোৱে ইতিমধ্যে আফ্ৰিকাত আতংকৰ সৃষ্টি কৰিছে। ভয়ংকৰ সংক্ৰামক, ভয়ংকৰ প্ৰাণনাশী শক্তি থকা এই মাৰবাৰ্গৰ সৈতে সমগ্ৰ বিশ্বতে এক নতুন আশংকাৰ সৃষ্টি হৈছে। মধ্য পশ্চিম আফ্ৰিকাত মাৰবাৰ্গ ক্ৰমান্বয়ে বিপজ্জনক হৈ পৰিছে।
ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল মাৰবাৰ্গ। এতিয়া ই আৰু বৃহৎ ৰূপ ধাৰণ কৰিছে। এই বিষয়টোক লৈও চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। লগতে সংশ্লিষ্ট দেশসমূহক সকীয়াই দিছে।
লগতে পঢ়ক: ভাৰতত আমেৰিকাৰ গায়ক! পত্নীৰ পৰামৰ্শ মতে মুম্বাইৰ অনুষ্ঠানত সংগীত পৰিৱেশনত সন্মতি
প্ৰথম অৱস্থাত এই ভাইৰাছ বাদুলিৰ যোগেদি বিয়পে বুলি জনা গৈছিল। ৰোগীৰ মৃত্যুৰ হাৰ ৮৮ শতাংশলৈ বৃদ্ধি পাইছে যিটো আগতে মাত্ৰ ২৪ শতাংশ আছিল।
এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে জ্বৰৰ লগত সাধাৰণতে অতি ভাগৰুৱা, তেজবমি আৰু ডায়েৰিয়া হয়। মাৰবাৰ্গ হৈছে মাৰাত্মক ইব’লা ভাইৰাছৰ সৈতে একে ষ্ট্ৰেইনৰ। চিন্তনীয় কথাটো হ’ল এই ভাইৰাছৰ কোনো চিকিৎসা নাই, নাই কোনো ভেকচিন!
মাৰবাৰ্গত আক্ৰান্ত হ’লে ছালৰ অৱস্থা মাৰাত্মক হৈ পৰে, আক্ৰান্ত ছালৰ মাজেৰে এই ৰোগ বিয়পে। শৰীৰৰ তৰল পদাৰ্থৰ জৰিয়তেও এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। ৰোগীৰ গাৰু, আঠুৱা, বিচনাৰ কাপোৰ আৰু পিন্ধা সাজ-পোছকৰ পৰাও মাৰবাৰ্গ ভাইৰাছ বিয়পে।
লগতে পঢ়ক: শিক্ষাৰ্থীক ‘প্ৰেম-ৰোমাঞ্চ’ কৰাৰ বাবে এসপ্তাহৰ ছুটী চীনৰ কলেজৰ! হঠাৎ কিয় এই সিদ্ধান্ত?
এই ভাইৰাছৰ বিষয়ে অৱশ্যে এতিয়াহে জনা গ’ল, তেনে নহয়। ১৯৬৭ চনত প্ৰথমবাৰৰ বাবে মাৰবাৰ্গ ভাইৰাছৰ বিষয়ে জনা গৈছিল। জাৰ্মানীৰ দুখন চহৰত প্ৰথমে এই ৰোগ ধৰা পৰিছিল।





