DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ অৰুণাচলৰ পৰা গুজৰাটলৈ : ৰাহুল গান্ধীয়ে আকৌ আৰম্ভ কৰিব অন্য এক ‘ভাৰত জোড়ো’

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে এই কাৰ্যসূচী ‘ভাৰত জোড়ো যাত্ৰা’তকৈ পৃথক হ’ব। তেওঁ কয় যে, এই কাৰ্যসূচীক কেন্দ্ৰ কৰি যথেষ্ট উৎসাহ আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 8:24 pm
80
VIEWS
Share on FacebookShare on Twitter

প্ৰায় ১ মাহ পূৰ্বে অন্ত পৰিছিল কংগ্ৰেছৰ ‘ভাৰত জোৰো যাত্ৰা’ৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এই পদযাত্ৰাই সফলতা লাভ কৰাৰ লগতে দেশৰ জনগণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। সেই সফলতাৰ পিছত এইবাৰ কংগ্ৰেছে আন এক পদযাত্ৰা কৰাৰ কথা ভাবিছে। এইবাৰ কংগ্ৰেছে দেশৰ পূৱৰ পৰা পশ্চিমলৈ পদযাত্ৰাৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। দেওবাৰে এই পৰিকল্পনাৰ কথা ব্যক্ত কৰিছে দলটোৰ মুখপাত্ৰ জয়ৰাম ৰমেশে।

যোৱা বছৰৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল ‘ভাৰত জোড়ো যাত্ৰা’। ১৪৬ দিনীয়া এই যাত্ৰাৰ অন্ত পৰিছিল এই বছৰৰ ৩১ জানুৱাৰী তাৰিখে জম্মু–কাশ্মীৰৰ শ্ৰীনগৰত। এই যাত্ৰাৰ আগৰণুৱা সেনাপতি আছিল ৰাহুল গান্ধী। বিজেপিয়ে ভাগ ভাগ কৰা দেশৰ জনগণক এক কৰাৰ উদ্দেশ্যে কংগ্ৰেছে আৰম্ভ কৰিছিল এই যাত্ৰা। দিন পাৰ হৈ যোৱাৰ লগে লগে এই যাত্ৰাৰ প্ৰতি কংগ্ৰেছে অভূতপূৰ্ব সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছিল। বহু গণ্যমান্য ব্যক্তিয়ে ৰাহুলৰ সৈতে খোজ কাঢ়িছিল ভাৰত জোড়ো যাত্ৰাত। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে হাত মিলাইছিল ৰাহুল গান্ধীৰ লগত।

‘ভাৰত জোড়ো যাত্ৰা’ৰ সফলতাৰ পাছত এইবাৰ কংগ্ৰেছ নেতৃত্বই দেশৰ পূবৰ পৰা পশ্চিমলৈ আন এক পদযাত্ৰা কাৰ্যসূচীৰ কথা চিন্তা কৰিছে। সংবাদ সংস্থা পিটিআইৰ মতে, অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা গুজৰাটৰ পোৰবন্দৰলৈ এই যাত্ৰা কৰা হ’ব।

অৱশ্যে এই যাত্ৰাৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে এই কাৰ্যসূচী ‘ভাৰত জোড়ো যাত্ৰা’তকৈ পৃথক হ’ব। তেওঁ কয় যে, এই কাৰ্যসূচীক কেন্দ্ৰ কৰি যথেষ্ট উৎসাহ আছে। মইও ব্যক্তিগতভাৱে এই যাত্ৰা হোৱাটো বিচাৰো। কিন্তু পূব–পশ্চিম যাত্ৰা ভাৰত জোড়োৰ তুলনাত পৃথক হ’ব।” কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, এই যাত্ৰা আৰম্ভ হোৱাৰ তাৰিখ এতিয়াও নিৰ্ণয় কৰা হোৱা নাই।

Recent News

Fire at Mexican immigration detention center

ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Lok Sabha Om Birla

একজোঁট বিৰোধী! অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা!

Kejriwal on Modi Adani

সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd