এইবাৰ গুগুলতকৈও অত্যাধুনিক প্ৰযুক্তি আনিছে মাইক্ৰ’চফ্ট-এ

দৈনন্দিন কাম-কাজৰ বাবে ChatGPT ৰ দৰে ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াক ডিজিটেল মাৰ্কেটিং, অনলাইন কন্টেন্ট সৃষ্টি, গ্ৰাহক সেৱাৰ প্ৰশ্নৰ উত্তৰ দিয়া, ক'ড ডিবাগিং ইত্যাদিৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।

বিশ্বৰ বহু বৃহৎ প্ৰযুক্তি কোম্পানীয়ে ভুগি থকা ধাৰাবাহিক লোকচানৰ পৰা ওলাই আহিবলৈ যোৱা বছৰৰ পৰা নিয়ন্ত্ৰণত ৰাখিছে কোম্পানীসমূ্হৰ বিনিয়োগ। এনে বিপদজনক অৱস্থাত বহু কোম্পানীয়ে স্থগিত ৰাখিছে নিজৰ বহুতো ব্যয়বহুল  সপোনৰ প্ৰকল্প। 

এনে পৰিস্থিতিত মাইক্ৰ’ছফটে কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী OpenAI প্ৰকল্পত ধন বিনিয়োগ কৰিছে। যাৰ বাবে এতিয়া এই প্ৰকল্পটোক মাইক্ৰ’ছফ্টৰ ‘বেটিং হৰ্চ’ বুলি কোৱা হৈছে।

উল্লেখ্য যে ২০১৯ চনত মাইক্ৰ’ছফটে কৃত্ৰিম বুদ্ধিমত্তাৰ ষ্টাৰ্টআপ OpenAI ত ১ বিলিয়ন মাৰ্কিন ডলাৰ। যাৰ ভাৰতীয় মূল্য ২০১৯ চন অনুসৰি ৮,৪৪০ কোটি টকা।

মাত্ৰ সাত বছৰৰ আগতে ছেম অল্টমেন, ইলন মাস্ক আৰু অন্যান্য প্ৰযুক্তি উদ্যোগীসকলে এই কোম্পানীটো গঢ়ি তুলিছিল। মাইক্ৰ’ছফটে প্ৰথমে এই কোম্পানীত কিমান টকা বিনিয়োগ কৰিছিল সেই কথা প্ৰকাশ কৰা নাছিল। এম আই টি টেক ৰিভিউ নামৰ এটা অনলাইন চাইটে ২০২০ চনত প্ৰকাশ কৰিছিল যে মাইক্ৰ’চফ্টে তেওঁলোকৰ ক্লাউড ব্যৱসায় Azur সৈতে OpenAI ত ১ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে।

এই OpenAI ৰ বিষয়ে যোৱা বছৰৰ নৱেম্বৰৰ পৰা সমগ্ৰ বিশ্বতে আলোচনা কৰা হৈছে। শেহতীয়াকৈ OpenAI এ এটা কৃত্ৰিম বুদ্ধিমতাৰ ছফ্টৱেৰ, ‘ChatGPT’ খুলিছে। এই ছফ্টৱেৰটো GPT 3.5 ভাষা মডেলৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।

অভিযন্তাৰ পৰা আৰম্ভ কৰি উদ্যোগী, ছাত্ৰ, বিনিয়োগকাৰী আদি সকলোৱে এই ছফ্টৱেৰটোৰ বুদ্ধিমত্তাৰ শলাগ লৈছে। অৱশ্যে ChatGPT ত এতিয়াও কিছুমান দুৰ্বলতা আছে। অৱশ্যে বিশ্লেষকসকলে ইয়াৰ যথেষ্ট সম্ভাৱনা দেখিছে।

বিশ্লেষক সকলে কৈছে যে chatGPT এতিয়া যথেষ্ট স্মাৰ্ট আৰু এডভান্সড। উল্লেখ্য যে ইতিমধ্যে গুগলে এই চেটবটক গুগুলৰ এক প্ৰতিযোগী চাৰ্জ ইঞ্চিন হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে।

প্ৰযুক্তি ৱেবছাইট দ্য ইনফৰ্মেশ্যনে কৈছে যে মাইক্ৰ’ছফ্টে নিজৰ চাৰ্চ ইঞ্জিন ‘বিঙ’ত chatGP যোগ কৰিব পাৰে, যাতে তেওঁলোকে গুগল চাৰ্চৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে। অনুমান কৰা হৈছে যে প্ৰায় দুটা দশকৰ পাছত গুগলৰ চাৰ্চ ইঞ্জিনে প্ৰথমবাৰৰ বাবে এক বৃহৎ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব আৰু এই ক্ষেত্ৰত মূল প্ৰতিযোগী হিচাপে গুগুলৰ সমুখত থিয় দিব মাইক্ৰ’চফ্টৰ অৱদান chatGPT এ।

OpenAI কৰ্তৃপক্ষই কয় যে তেওঁলোকৰ ChatGPT মডেলটো Reinforcement Learning from Human Feedback (RLHF) নামৰ মেচিন লাৰ্নিং কৌশল ব্যৱহাৰ কৰি প্ৰশিক্ষণ দিয়া হৈছিল। ই সংলাপৰ অনুকৰণ কৰিব পাৰে,  প্ৰশ্ন সুধিব পাৰে, ভুল স্বীকাৰ কৰিব পাৰে, আনকি অনুপযুক্ত অনুৰোধো নাকচ কৰিব পাৰে।

বিশ্লেষকসকলে কয় যে চ