সাংসদ শৰণীয়া আৰু বি পি এফ দলৰ পৰা মুক্ত হ’ব বিচাৰিছে কোকৰাঝাৰবাসী : উৰ্খাও ব্ৰহ্ম

UPPL candidate Urkhao Gwra Brahma

য়ু পি পি এলৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও ব্ৰহ্ম। ফটো উৎস : ইন্টাৰনেট

‘কোকৰাঝাৰৰ ৰাইজে এতিয়া সাংসদ শৰণীয়া আৰু বি পি এফ দলৰ পৰা মুক্ত হ’ব বিচাৰিছে’। এ আই য়ু ডি এফৰ সমৰ্থন লাভ কৰি উৎসাহী হৈ পৰা কোকৰাঝাৰ সমষ্টিৰ য়ু পি পি এলৰ প্ৰাৰ্থী উৰ্খাও ব্ৰহ্মই দেওবাৰে বৰপেটাৰোডত এই মন্তব্য কৰে।

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বৰপেটাৰোডলৈ যোৱা ব্ৰহ্মই এবছুৰ কাৰ্যালয়ত সংবাদিকৰে হোৱা বাৰ্তালাপত বৰ্তমানৰ সাংসদ শৰণীয়া আৰু বি পি এফ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়। তেওঁ কয় যে বিগত পাঁচ বছৰত সাংসদগৰাকীয়ে সমষ্টিৰ উন্নয়নৰ বাবে যিদৰে একো নকৰিলে ঠিক সেইদৰে সমষ্টিৰ বাবে অহা উন্নয়নৰ পুঁজি ক’ত ব্যয় কৰিলে সেই লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে সমষ্টিবাসীৰ মাজত।

বড়ো ছাত্ৰ সংগঠন এবছু সমৰ্থিত য়ু পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে বি পি এফ দলকো সমালোচনাৰে থকা সৰকা কৰে। বি পি এফ সন্দৰ্ভত তেওঁ কয় যে বি টি এ ডিত বিগত সময়ছোৱাত কেইবা হাজাৰ কোটি টকীয়া কেলেংকাৰি সংঘটিত হৈছে, একমাত্ৰ শাসকীয় দলৰ সৈতে সু সম্পৰ্ক বজাই অহা বাবে আজিলৈ কোনো তদন্ত হোৱা নাই।

কিন্তু এইবাৰ তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হ’লে বি টি এ ডিৰ দুৰ্নীতি সন্দৰ্ভত সংসদত সজোৰে তদন্তৰ দাবী উত্থাপন কৰিব বুলিও মন্তব্য কৰে।

ইফালে এ আই য়ু ডি এফৰ পাছত এইবাৰ উৰ্খাও ব্ৰহ্মক নিৰ্বাচনত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ভাৰতৰ ৰাষ্ট্ৰবাদী পাৰ্টী চমুকৈ বি আৰ পিয়ে। দলটোৰ ৰাজ্যিক সভাপতি তথা উত্তৰ-পূব ভাৰতৰ ইনচাৰ্জ আজাদ আলীয়ে দেওবাৰে এই সন্দৰ্ভত বৰপেটাৰোডত য়ু পি পি এলৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচনত সম্পূৰ্ণ সমৰ্থনৰ কথা সদৰী কৰি আনুষ্ঠানিক পত্ৰ প্ৰদান কৰে।

আনহাতে দেওবাৰৰ দিনটোত প্ৰাৰ্থীগৰাকীয়ে কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ সমষ্টিৰ ছলিকান্দা, বিলাসীপাৰা, অক্সিগুৰি, খুশ্ৰাবাৰী, সদৰ বজাৰ আদিকে কৰি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়।