• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ লাডাখ সীমান্তত নহয়; উত্তৰাখণ্ডৰ লিপুলেখ সীমান্তত চীনৰ সৈন্য মোতায়েন

NE NOW NEWS এন ই নাও নিউজ
গুৱহাটী , August 2, 2020 4:35 pm

2 min read

chinese-troops
304
VIEWS
Share on FacebookShare on Twitter

ভাৰত-চীন সৈন্যৰ মাজত লাডাখ সীমান্তৰ উত্তেজনা কিছু স্তিমিত হ’লেও উত্তেজনাৰ শাম এতিয়াও কটা নাই দুই দেশৰ মাজত।

লাডাখৰ পাংগং হ্ৰদ আৰু তাৰ আশে পাশে এতিয়াও চীনা সৈন্যৰ ভিৰ উপগ্ৰহীয় চিত্ৰত ধৰা পৰাৰ সমান্তৰালভাৱে এতিয়া চীনে উত্তৰাখণ্ডৰ ভাৰত চীন সীমান্ততো সেনা মোতায়েন কৰাৰ খবৰ আহিছে।

উত্তৰাখণ্ডৰ চামুলি জিলাৰ লিপুলেখ গিৰিপথ এলেকাত চীনে সৈন্য মোতায়েন কৰাৰ লগতে ইন্দো-তিব্বেত সীমান্তৰ প্ৰকৃত নিয়্ন্ত্ৰণ ৰেখাত চীনা সৈন্যৰ নজৰদাৰীত্ব বৃদ্ধি কৰিছে।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ লিপুলেখ গিৰিপথ হৈছে ভাৰত-নেপাল-চীন সীমান্তৰ এলেকা।

সেয়ে লিপুলেখ হৈছে নতুন দিল্লীৰ বাবে কূটনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ।

ইতিমধ্যে নেপালৰ সংসদত নতুনকৈ গৃহীত কৰা নেপালৰ মানচিত্ৰত উত্তৰাখণ্ডৰ কালাপানী, লিম্পিয়াধুৰাৰ লগতে এই লিপুলেখ গিৰিপথো নেপালৰ ভূখণ্ড বুলি নেপালে দাবী কৰিছে।

তিব্বতৰ কৈলাস তথা মানস সৰোবৰলৈ যোৱাৰ পথটোৰ লিপুলেখ পৰ্যন্ত ভাৰতে প্ৰায় ৮০ কিলোমিটাৰ পথ নিৰ্মাণ কৰাৰ পিছতে নেপালে ভাৰতৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি আহিছে।

উল্লেখ্য যে যোৱা মাৰ্চ মাহত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উক্ত নৱনিৰ্মিত পথছোৱা উদ্বোধন কৰাৰ পিছতেই উক্ত অঞ্চলটোত উত্তেজনা সৃষ্টিৰ বাবে বেইজিঙে নেপালক উচটনি দিয়া বুলি কূটনৈতিক মহলে ধাৰণা কৰিছে।

ভাৰতীয় সেনাৰ সূত্ৰৰ মতে উত্তৰাখণ্ডৰ উক্ত লিপুলেখ গিৰি পথৰ সমীপতে অস্ত্ৰ-শস্ত্ৰসহ ৰছদ পাতিৰে চীনে প্ৰায় ১০০০ চীনা সৈন্য মোতায়েন কৰিছে।

ইফালে ছিকিমৰ লগতে অৰুণাচল প্ৰদেশলৈ ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনে সেনা সঞ্চালন তথা তৎপৰতা বৃদ্ধি কৰিছে বুলি ভাৰতীয় সেনাই প্ৰকাশ দিছে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd