ৰাছিয়াক পৰোক্ষ নিন্দাৰে G20 দিল্লী ঘোষণাপত্ৰ

G20

G20 ৰ দিল্লী বৈঠকৰ পৰা নিন্দাৰ সন্মুখীন হৈছে ৰাছিয়া। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধৰ প্ৰসঙ্গ উল্লেখেৰে মস্কোক প্ৰত্যক্ষ সমালোচনা নকৰাকৈয়ে আজি G20 দিল্লী ঘোষণাপত্ৰত ৰাছিয়াৰ দৃষ্টিভংগীক নিন্দা কৰে।

গোটৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰসমূহে ইউক্ৰেইনত এক স্থায়ী শান্তিৰ আহ্বান জনাই দিল্লী ঘোষণাপত্ৰই সদস্য ৰাষ্ট্ৰসমূহক বহি: দেশৰ ভূখণ্ড অধিগ্ৰহণৰ বাবে ভাবুকি বা বল প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ দোহাৰে।

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পিছৰে পৰা সময়ে সময়ে পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ ভাবুকি প্ৰদান কৰি ৰাছিয়াক পৰোক্ষ সমালোচনা কৰি G20 ঘোষণাপত্ৰই পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ বা ব্যৱহাৰৰ ভাবুকি কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি সকীয়াই দিয়ে।

ঘোষণাপত্ৰত লগতে সকলো ৰাষ্ট্ৰই যাতে সম্পূৰ্ণৰূপে ৰাষ্ট্ৰসংঘৰ চনদ অনুসৰি ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে কাম কৰে, তাৰ ওপৰতো জোৰ দিয়ে।

উল্লেখ্য যে, ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত G20 ৰ এই বৈঠকৰ আৰম্ভণিতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে এই ঘোষণাপত্ৰ।