দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে পুনৰ উত্তপ্ত মণিপুৰ; তিনিটা বিস্ফোৰণত ভাঙি পৰিল দলং

শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। মণিপুৰতো ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তাৰ দুদিন পূৰ্বে কাংপোকোপ্পি জিলাত একেৰাহে তিনিটা বিস্ফোৰণত এখন দলং ভাঙি পৰে। মঙলবাৰে গভীৰ নিশা সংঘটিত হয় এই বিস্ফোৰণ। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই। কিন্তু ইম্ফল আৰু ডিমাপুৰ সংযোগী ২নং ৰাষ্ট্ৰীয় ঘাইপথত যানজঁট বৃদ্ধি পাইছে।

নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি মঙলবাৰে নিশা ১:১৫ বজাত সংঘটিত হয় এই বিস্ফোৰণ। বৰ্তমানপৰ্যন্ত কোনো উগ্ৰপন্থী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে আৰক্ষী আৰু সেনা বাহিনীয়ে। অভিযুক্তৰ সন্ধান চলি আছে।

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইনা মণিপুৰ লোকসভা সমষ্টিত সেইদিনা ভোটগ্ৰহণ চলি থকাৰ মাজতে ইভিএমৰ ক্ষতিসাধন, ভোটৰ ৰিগিং, ভোটাৰক ভয় দেখুওৱাৰ অভিযোগ উত্থাপন হৈছে। ভোটদানৰ দিনা এগৰাকী জ্যেষ্ঠ নাগৰিকক গুলীয়াই হত্যা কৰাৰ অভিযোগো উত্থাপন হৈছিল। ৰিগিং আৰু বুথ কেপচাৰৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে ৪৭টা বুথত পুনৰ নিৰ্বাচন বিচাৰিছিল। ৰাজ্যিক নিৰ্বাচন আয়োগে ছটা বুথত পুনৰ নিৰ্বাচনৰ পৰামৰ্শ দিছিল। অৱশেষত নিৰ্বাচন আয়োগে ১১টা বুথত পুনৰ নিৰ্বাচনৰ নিৰ্দেশ দিয়ে। ২২ এপ্ৰিলত পুনৰ এই কেন্দ্ৰটোৰ ১১টা বুথত ভোটগ্ৰহণ অনুষ্ঠিত হয়।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰাই মণিপুৰৰ কাংপকপি জেনা আৰু মণিপুৰ পশ্চিমত উত্তপ্ত হৈ পৰিছে। পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি পাহাৰীয়া অঞ্চলৰ পৰা একাংশ লোক কাংপকপি জিলালৈ আহিছে। তেতিয়াৰ পৰাই আৱাং ছেকমাই আৰু লুয়াংছাংগোল গাঁৱত বন্দুকৰ গুলী চলি আছে। এইবাৰ একেখন জিলাতে দলঙৰ এটা অংশ ভাঙি পৰে।