• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোদোৰ বাহত জুই! কঁপি উঠিল ইজৰাইল, ৩খন বাছত বিস্ফোৰণ; উগ্ৰপন্থীৰ আক্ৰমণৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 10:55 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধাৰাবাহিক বিস্ফোৰণে কঁপাই গ’ল ইজৰাইলক। ইজৰাইল আৰক্ষীয়ে জনোৱা মতে, ৰাজধানী টেল আভিভৰ দক্ষিণ উপকণ্ঠ অঞ্চলত তিনিখন বাছত বিস্ফোৰণ ঘটিছে। বাছ খালী হোৱাৰ বাবে কোনো লোক আহত হোৱা নাই। তদুপৰি আৰু দুখন বাছৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয়।

ইজৰাইলে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে। ইয়াৰ আঁৰত পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন আছে বুলি অভিযোগ উত্থাপন কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে। অৱশ্যে এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Apply Now

টেল আভিভৰ বাট ইয়াম আৰু হোলন অঞ্চলত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। প্ৰথম দুটা বিস্ফোৰণ সংঘটিত হয় বেট ইয়াম ডিপোত থকা খালী বাছত। তৃতীয়টো বিস্ফোৰণ সংঘটিত হয় হোলনত ৰখাই থোৱা এখন বাছত। তাত আৰু দুখন বাছৰ পৰা বিস্ফোৰক উদ্ধাৰ কৰে আৰক্ষীয়ে।

এই কাণ্ড সন্দৰ্ভত ইজৰাইল আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে, বিস্ফোৰণৰ পিছত বহু সন্দেহজনক বস্তু পৰীক্ষা কৰা হৈছিল। বোমা নিষ্কাশন দলটোৱে বাছ দুখনত বিস্ফোৰক সামগ্ৰীৰ বাহিৰে একো নাপালে। বাট ইয়াম আৰু হোলনত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে যে একেধৰণৰ বিস্ফোৰক ব্যৱহাৰ কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছে। ইজৰাইলে দাবী কৰিছে যে টাইমাৰৰ দ্বাৰা বিস্ফোৰণ ঘটোৱা হৈছে। ইজৰাইলী আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে এই ঘটনাত ব্যৱহৃত বিস্ফোৰকসমূহ ৱেষ্ট বেংকত ব্যৱহাৰ কৰা বিস্ফোৰকসমূহৰ সৈতে মিল আছে।

যদিও তিনিখন বাছত বিস্ফোৰণ ঘটিছিল, তথাপিও খালী হৈ থকাৰ বাবে কোনো লোকৰ মৃত্যু হোৱা নাই। বাট য়ামৰ মেয়ৰেও এই বিষয়ত আচৰিত হৈছে। বিস্ফোৰণৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে টেল আভিভৰ বাবে কটকটীয়া নিৰাপত্তা গঢ়ি তোলাৰ নিৰ্দেশ দিছে। তেওঁ নিৰাপত্তা সংস্থাক বিস্ফোৰণৰ তদন্তৰ নিৰ্দেশ দিছে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই বিস্ফোৰণৰ বাবে ৱেষ্ট বেংকত থকা পেলেষ্টাইনী উগ্ৰপন্থীৰ পিনে আঙুলিয়াইছে। তেওঁ ইজৰাইল প্ৰতিৰক্ষা বাহিনীক তুলকাৰেম অঞ্চলৰ পেলেষ্টাইনী শৰণাৰ্থী শিবিৰত অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে।

ইজৰাইলৰ বাছত বোমা বিস্ফোৰণৰ ভয়ানক ইতিহাস আছে। ২০০০ চনৰ পৰা ২০০৫ চনৰ ভিতৰত পেলেষ্টাইনী আত্মঘাতী বোমাৰুৱে তাত একাধিক বাছ বিস্ফোৰণ কৰি সাধাৰণ ইজৰাইলী নাগৰিকৰ মৃত্যু ঘটায়। ২০২২ চনৰ নৱেম্বৰ মাহত জেৰুজালেমত এখন বাছত দুটা বিস্ফোৰণ সংঘটিত হৈছিল। তাত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছিল।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ চলায়। সেই আক্ৰমণত ১২০০ৰো অধিক ইজৰাইলী নাগৰিকৰ মৃত্যু হয়। ইয়াৰ পিছত ইজৰাইলে এবছৰতকৈও অধিক সময় ধৰি গাজা ষ্ট্ৰিপত প্ৰত্যাক্ৰমণ চলাই আহিছে। শেহতীয়াকৈ হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তি কৰা হৈছে। ইয়াৰ মাজতে সংঘটিত হৈছে এই বিস্ফোৰণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd